কামৰূপ, ০৪ অক্টোবৰ (হি.স.)। পৰম্পৰাগত নাওখেল উপলক্ষে উদুলি মুদুলি হৈ পৰে কলহী নৈৰ বাকৰি৷ এক প্ৰকাৰ শুকুৰবাৰে উছৱ মুখৰ পৰিবেশ হৈ পৰে চাম্পুপাৰা ৷ পৰম্পৰাগত নাওখেলৰ নান্দনিক দৃশ্য চাবলৈ লোকে লোকাৰোণ্য হৈ পৰে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ চাম্পুপাৰা৷
প্ৰতিবছৰৰ দৰে এই বছৰো গৰৈমাৰীৰ চাম্পুপাৰা আঞ্চলিক যুৱ সংঘই দুদিনীয়াকৈ অনুষ্ঠিত কৰিলে ৰাজ্যিক ভিত্তিক নাওখেল প্ৰতিযোগিতা৷ ৰাজ্যিক ভিত্তিত নাওখেল প্ৰতিযোগিতাত অসমৰ ভিন্ন প্ৰান্তৰ পৰা আল আমিন, মা হাওৱা, সুহানা এক্সপ্ৰেছ, ৰাজমাতা, বন্দে ভাৰত, ৰাইজৰ আখি, কামৰূপ এক্সপ্ৰেছ, আলিফ লাইলা, সোণৰ অসমসহ মুঠ ৯টা দলে অংশগ্ৰহণ কৰে৷
গৰৈমাৰীৰ চাম্পুপাৰাস্থিত কলহী নৈত শুকুৰবাৰে বিয়লি অনুষ্ঠিত নাওখেল প্ৰতিযোগিতাৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰে হাজাৰ হাজাৰ পুৰুষ-মহিলা, শিশুয়ে ৷ মেলা সদৃশ্য হৈ পৰে চাম্পুপাৰাৰ কলহী নৈৰ দুয়োপাৰ ৷ খেলৰ অন্তত শ্ৰেষ্ঠতম অৰ্জনকাৰীসকলক পুৰস্কাৰ দিয়া হয়।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা