গুৱাহাটী, ০৪ অক্টোবৰ (হি.স.)। প্ৰখ্যাত কণ্ঠশিল্পী, সুৰৰ মায়া এৰি লাখ লাখ অনুৰাগীক শোকৰ সাগৰত পেলাই ইহ সংসাৰৰ পৰা বিদায় লোৱা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে তেওঁৰ পত্নী গৰিমা গাৰ্গে। শনিবাৰে এই কথা ৰাজহুৱা কৰি গৰিমাই কয় যে চলি থকা তদন্তত কোনো ধৰণৰ ব্যাঘাত নজন্মাবলৈ এই সিদ্ধান্ত লোৱা হৈছে।
গৰিমা গাৰ্গে উল্লেখ কৰে যে চলি থকা সকলো তদন্তত, বিশেষকৈ বিশেষ তদন্তকাৰী দলে (এছ আই টি) চলোৱা তদন্তত তেওঁ সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যাব। তেওঁ স্পষ্ট কৰি দিয়ে যে যিহেতু তদন্ত প্ৰক্ৰিয়া চলি আছে, সেয়েহে কথাবোৰ ৰাজহুৱা কৰিলে তদন্তত ব্যাঘাত জন্মিব পাৰে বুলি আশংকা কৰিছে—সেয়েহে তেওঁ প্ৰতিবেদন গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে।
আইনৰ ওপৰত আস্থা প্ৰকাশ কৰি গৰিমাই কয় যে, মই আইনৰ বিষয়ে বিশেষ নাজানো, গতিকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আদালত আৰু তদন্তকাৰী বিষয়াৰ হাতত থাকিব লাগে। মোৰ বিশ্বাস তদন্ত এতিয়া সঠিক দিশত আগবাঢ়িছে। প্ৰকৃততে ঘটনাটো কি হৈছিল সেয়া অতিশীঘ্ৰে জানিব লাগিব। তদন্ত জোৰদাৰ হ'ব লাগিব। যি দোষী আছে তেওঁলোকে কঠোৰ শাস্তি পাবই লাগিব। ’’
গৰিমাই আৱেগিকভাৱে ক'য়, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মোৰ ব্যক্তিগত সম্পত্তি নহয়। মই মোৰ মানুহজনক হেৰুৱাইছো, জুবিনক মই ঘূৰাই নাপাও কেতিয়াও। কিন্তু তেওঁ উচিত ন্যায় পাব লাগিব।
সূত্ৰ অনুসৰি, শনিবাৰে এছ আই টিয়ে গৰিমা গাৰ্গৰ বক্তব্য ৰেকৰ্ড কৰাৰ লগতে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰো বক্তব্যও ৰেকৰ্ড কৰে।
জুবিন গাৰ্গক বিহ দি হত্যা কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰে যে ‘‘শেখৰে যদি জানিছিল ইমানদিন কিয় লুকুৱাই ৰাখিছিল? এইক্ষেত্ৰত দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগিব। মোৰ মানুহজনে সকলোকে ইমান মৰম কৰিছিল, তাৰ পিছতো তেওঁক কিয় এনেকুৱা কৰিলে?’’ এইক্ষেত্ৰত দায়ীসকলক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া