নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। নিউজিলেণ্ডৰ অল ৰাউণ্ডাৰ ফ্ল’ৰা ডেভনশ্বাইৰ আঘাতৰ বাবে ২০২৫ চনৰ মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰিব নোৱাৰিব। তেওঁৰ ঠাইত অন্তৰ্ভুক্ত কৰা হৈছে দ্ৰুত বলিং অলৰাউণ্ডাৰ হান্না ৰোভে।
প্ৰশিক্ষণৰ সময়ত ফিল্ডিং কৰি থকাৰ সময়তে ডেভনশ্বাইৰে বাওঁহাতত আঘাত পাইছিল। এই আঘাত ভাল হ’বলৈ দুসপ্তাহৰ পৰা তিনি সপ্তাহ সময় লাগিব বুলি আশা কৰা হৈছে। স্পিনৰ অল ৰাউণ্ডাৰ ডেভনশ্বাইৰে প্ৰথমখন বিশ্বকাপত খেলি থকাৰ বিপৰীতে তেওঁৰ সলনি হান্না ৰোভে দুটা এদিনীয়া বিশ্বকাপত খেলি এতিয়ালৈকে নিউজিলেণ্ডক ৬০খন এদিনীয়াত প্ৰতিনিধিত্ব কৰিছে।
নিউজিলেণ্ডৰ মুখ্য প্ৰশিক্ষক বেন ছয়িয়াৰে এক বিবৃতিত কয় যে, এই দলত নিজৰ স্থান অৰ্জন কৰিবলৈ ফ্ল'ৰাৰ কঠোৰ পৰিশ্ৰমৰ বাবে আমি সকলোৱে দুখী, আৰু ইমান সোনকালে তেওঁৰ যাত্ৰাৰ অন্ত পৰাটো লজ্জাজনক। অৱশ্যে আমি আনন্দিত যে হান্নাৰ দৰে অভিজ্ঞ খেলুৱৈয়ে দলটোত যোগদান কৰিছে। যদিও তেওঁ ফ্ল'ৰাৰ দৰে শক্তিশালী অল-ৰাউণ্ডাৰ নহ'বও পাৰে, তথাপিও তেওঁৰ অভিজ্ঞতা আৰু দক্ষতা দলটোৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব।
৭ অক্টোবৰত ইন্দোৰত দলত যোগদান কৰিব হান্না ৰোভে আৰু তাৰ পিছত গুৱাহাটীলৈ যাত্ৰা কৰিব। নিউজিলেণ্ডৰ পৰৱৰ্তী মেচ ৬ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া