ধুমুহাৰ বাবে নেদাৰলেণ্ডৰ শ্বিফল বিমানবন্দৰত কেইবা ডজন বিমান বাতিল
আমষ্টাৰডাম, ০৪ অক্টোবৰ (হি.স.)। নেদাৰলেণ্ডত ধুমুহা এমিৰ বাবে ইউৰোপৰ অন্যতম ব্যস্ত বিমানবন্দৰ শ্বিফল বিমানবন্দৰত বিমানৰ কাম-কাজ যথেষ্ট ব্যাহত হৈছে। শনিবাৰে বিমানবন্দৰটোৱে নিজৰ ৱেবছাইটত এক বিবৃতিত কয় যে ৮০খনতকৈও অধিক আগমন আৰু ৭০খন বিমান যাত্ৰা বাতিল ক
केएलएम एअरलाइन


আমষ্টাৰডাম, ০৪ অক্টোবৰ (হি.স.)। নেদাৰলেণ্ডত ধুমুহা এমিৰ বাবে ইউৰোপৰ অন্যতম ব্যস্ত বিমানবন্দৰ শ্বিফল বিমানবন্দৰত বিমানৰ কাম-কাজ যথেষ্ট ব্যাহত হৈছে। শনিবাৰে বিমানবন্দৰটোৱে নিজৰ ৱেবছাইটত এক বিবৃতিত কয় যে ৮০খনতকৈও অধিক আগমন আৰু ৭০খন বিমান যাত্ৰা বাতিল কৰিবলগীয়া হৈছে। বাতিল হোৱা বিমানৰ অধিকাংশই এয়াৰ ফ্ৰান্স-কে এল এমৰ সহযোগী কোম্পানী কে এল এমৰ দ্বাৰা পৰিচালিত হৈছিল।

বিমান সংস্থাটোৱে নিজৰ ৱেবছাইটত সকীয়াই দিছে যে ধুমুহাৰ বাবে দেওবাৰৰ বিমান সেৱা পলম বা বাতিল হোৱাৰ সম্ভাৱনা আছে। ইফালে, ৰয়েল নেদাৰলেণ্ড বতৰ বিজ্ঞান প্ৰতিষ্ঠানে ধুমুহা এমিৰ সতৰ্কবাণী জাৰি কৰি কয় যে উপকূলীয় অঞ্চলত ঘণ্টাত ৯০ কিলোমিটাৰ আৰু অন্যান্য অঞ্চলত ঘণ্টাত ৭৫ কিলোমিটাৰ বেগেৰে বতাহ বলিব পাৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande