দক্ষিণ শালমাৰা, ০৪ অক্টোবৰ (হি.স.)। মানকাচৰৰ সুখচৰ থানা এলেকাৰ বেৰাভাঙা দ্বিতীয় খণ্ড গাঁৱত বৃহস্পতিবাৰে আবেলি ৪ মান বজাত এটি শিশু ব্ৰহ্মপুত্ৰ নদীত পৰি সন্ধানহীন হয় ৷ সন্ধানহীন শিশুটি বেৰাভাঙা দ্বিতীয় খণ্ড গাঁৱৰ ইউছুফ আলীৰ ৫ বছৰীয়া সন্তান মিজানুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷
শিশুটো নৈৰ পাৰত খেলি থকা অৱস্থাত নদীত পৰিছিল বুলি পৰিয়ালৰ লোকে থানাত অৱগত কৰিছিল ৷ সুখচৰ আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে খৱৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷
বৃহস্পতিবাৰে আবেলি ৪ মান বজাৰ সন্ধানহীন হোৱা শিশুটি যোৱা তিনি দিন ধৰি উদ্ধাৰ অভিযান চলাই আছে যদিও বৰ্তমানলৈকে শিশুটি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাটোক কেন্দ্ৰ কৰি শিশুটিৰ পৰিয়ালৰ মাজত হাহাকাৰ আৰু অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা