পাটনা, ০৪ অক্টোবৰ (হি.স.)। চলিত ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পুনৰীক্ষণৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে (৪ আৰু ৫ অক্টোবৰ) পাটনাত উপস্থিত হৈছে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত বিবেক যোশী আৰু এছ. এছ বন্ধু। এই ভ্ৰমণৰ সময়ত তেওঁলোকে ৰাজনৈতিক দলসমূহৰ সৈতে বৈঠকত মিলিত হ’ব।
বিজেপি, জেডিইউ, আৰজেডি, কংগ্ৰেছকে ধৰি বৃহৎ দলসমূহক এই বৈঠকত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। মুকেশ সাহনিৰ ভিআইপি, উপেন্দ্ৰ কুশৱাহাৰ ৰাষ্ট্ৰীয় লোক মৰ্চা, আৰু জিতন ৰাম মাঞ্জীৰ হিন্দুস্তানী আৱাম মৰ্চাক নিমন্ত্ৰণ কৰা হোৱা নাই।
মুখ্য নিৰ্বাচন আয়ুক্তৰ অধ্যক্ষতাত ভাৰতীয় নিৰ্বাচন আয়োগৰ দলটোৱে আজি প্ৰথমে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ তেওঁলোকৰ পৰামৰ্শ আৰু আশাৰ ওপৰত আলোচনা কৰিব।
ইয়াৰ পিছতে নিৰ্বাচন আয়োগৰ দলটোৱে বিহাৰৰ সকলো বিভাগীয় আয়ুক্ত, আৰক্ষী মহাপৰিদৰ্শক, উপ-মহাপৰিদৰ্শক, সকলো জিলা নিৰ্বাচনী বিষয়া আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব। য’ত নিৰ্বাচনৰ প্ৰশাসনিক আৰু আইন-শৃংখলাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হ’ব।
ইফালে ৫ অক্টোবৰত নিৰ্বাচন আয়োগৰ দলটোৱে ন’ডেল বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ব। নিকা আৰু নিৰাপদ নির্বাচনী পৰিৱেশ সুনিশ্চিত কৰাৰ প্রস্তুতি পুনৰীক্ষণ কৰা হ’ব৷ ইয়াৰ উপৰিও মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়োগৰ সদস্যসকলে ৰাজ্যিক আৰক্ষীৰ ন’ডেল বিষয়া আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ন’ডেল বিষয়াৰ সৈতে সাক্ষাৎ কৰিব।
ইয়াৰ উপৰিও ৫ অক্টোবৰত বিয়লি ২ বজাত পাটনাত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আয়োগৰ দলে এখন সংবাদমেল অনুষ্ঠিত কৰিব। বিধানসভা নিৰ্বাচনৰ বাবে গাইডলাইনৰ তথ্য প্ৰদান কৰিব। ভাৰতৰ নিৰ্বাচন আয়োগৰ পৰ্যালোচনা ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে বিহাৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৫ মুক্ত, নিকা, শান্তিপূৰ্ণ, আৰু স্বচ্ছ পদ্ধতিৰে অনুষ্ঠিত হোৱাটো নিশ্চিত কৰা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া