গুৱাহাটী, ০৪ অক্টোবৰ(হি.স.)। অসমত ভূমিকম্পৰ মৃদু জোকাৰণি অনুভৱ হয়। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.২। দিনৰ ১১.২৯ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল গুৱাহাটীৰ পৰা ১৯ কিলোমিটাৰ নিলগত । ভুপৃষ্ঠৰ পৰা ৫ কি.মি. গভীৰতাত মেঘালয়ৰ ৰিভয় জিলাত ভুমিকম্পটোৰ অভিকেন্দ্ৰ থকা বুলি নিশ্চিত কৰা হৈছে। বৰ্তমানলৈকে কোনো লোক হতাহতি হোৱাৰ খবৰ অহা নাই ।
ভূমিকম্পটোৰ ফলত কোনো ধৰণৰ ক্ষয় ক্ষতিৰ বাতৰি অহা নাই ।
ইয়াৰ পুৰ্বে বিগত ১৪ ছেপ্তেম্বৰত অসমৰ ওডালগুৰি জিলাত অভিকেন্দ্ৰ থকা ৫.৮ প্ৰাৱল্য়ৰ ভুমিকম্পই অসম আৰু চুবুৰীয়া ৰাজ্য় অৰুণাচল প্ৰদেশ,মেঘালয়,মণিপুৰ,ত্ৰিপুৰাত ভুমিকম্পটোৰ জোকাৰণি অনুভৱ হয়। ওডালগুৰি জিলাত পুনৰ ২৮ ছেপ্তেম্বৰত ৰিখটাৰ স্কেলত ৩.৫ৰ এটা নিম্ন প্ৰাৱল্য়ৰ ভুমিকম্পই জোকাৰি যায়। অসম আৰু ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলত এইদৰে সঘনে অহা ভুমিকম্পৰ ফলত অঞ্চলটোৰ ৰাইজে এক বৃহত দুৰ্যোগৰ আশংকা কৰি সংকিত হৈ আছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ