অভিনেত্ৰী দীপিকা পাডুকনে হয়তো দুটা ডাঙৰ প্ৰজেক্ট “স্পিৰিট” আৰু “কল্কি ২”ৰ পৰা আঁতৰি আহিছিল যদিও শনিবাৰে পুৱা মুম্বাই বিমানবন্দৰত ষ্টাইলিছ লুকত তেওঁক দেখা গৈছিল। আমোদজনক কথাটো হ’ল যে তেওঁৰ প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰো একে সময়তে বিমানবন্দৰত উপস্থিত হৈছিল, ডেছিং দেখা গৈছিল। বৰ্তমান দুয়োৰে ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে।
শনিবাৰে পুৱা বিমানবন্দৰত চকু কপালত তুলিলে ৰণবীৰ কাপুৰে। এনিমেল অভিনেতাগৰাকীয়ে ক'লা ৰঙৰ সাজ-পোছাক পিন্ধি ডেছিং দেখা গৈছিল, ক'লা টুপী আৰু ছানগ্লাছৰ সৈতে এক্সেচৰিজ কৰিছিল। ৰণবীৰে পাপাৰাজীক হাঁহি হাঁহি সম্ভাষণ জনায়, যাৰ ছবি ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে, অনুৰাগীয়ে তেওঁৰ লুকক প্ৰশংসা কৰিছে। দীপিকা পাডুকনৰ এয়াৰপৰ্ট লুকত আছিল ধূসৰ ৰঙৰ ক’-অৰ্ড চেট, য’ত আছিল জিপ আপ কলাৰ জেকেট আৰু বহল ভৰিৰ পিনষ্ট্ৰাইপ ট্ৰাউজাৰ। ডাঙৰ ডাঙৰ ক’লা ছানগ্লাছ, সৰু সৰু কাণফুলি, আৰু চিকচিকিয়া বান এটাৰে দীপিকাই নিজৰ লুকটো সম্পূৰ্ণ কৰিলে। অনুৰাগীয়ে তেওঁলোকৰ ষ্টাইলিছ লুক ভাল পাইছে, আৰু তেওঁলোকৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।
কেইবছৰমান পূৰ্বে ৰণবীৰ কাপুৰ আৰু দীপিকা পাডুকনৰ সম্পৰ্ক আছিল যদিও পিছত বিচ্ছেদ ঘটে। অৱশ্যে ব্ৰেকআপৰ পিছত প্ৰথমবাৰৰ বাবে ৰণবীৰ আৰু দীপিকাক একেলগে বিমানবন্দৰত দেখা গ’ল। তেওঁলোকক একেলগে দেখি অনুৰাগীসকলে আনন্দত আত্মহাৰা হৈ পৰিছিল। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল ৰণবীৰ আৰু দীপিকাই ইজনে সিজনক সাৱটি ধৰিলে। একেখন গাড়ীতে বহি থকা ভিডিঅ’ আৰু ফটোও ভাইৰেল হৈ পৰিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী