বিলাসীপাৰাত গৌৰাং নৈত সন্ধানহীন কিশোৰীৰ মৃতদেহ উদ্ধাৰ
ধুবুৰী, ০৪ অক্টোবৰ (হি.স.)। বিলাসীপাৰাত গৌৰাং নৈ’ৰ বুকুত কালি সন্ধানহীন হোৱা কিশোৰীজনীৰ মৃতদেহ উদ্ধাৰ ।হাতীপোতা দ্বিতীয় খণ্ড গাওঁত গৌৰাং নৈত গা-ধুবলৈ গৈ সন্ধানহীন হৈছিল এগৰাকী কণমানি কিশোৰী । কিশোৰ গৰাকী নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰাৰ পিছত গাওঁ খ
বিলাসীপাৰাত গৌৰাং নৈত সন্ধানহীন কিশোৰীৰ মৃতদেহ উদ্ধাৰ


ধুবুৰী, ০৪ অক্টোবৰ (হি.স.)। বিলাসীপাৰাত গৌৰাং নৈ’ৰ বুকুত কালি সন্ধানহীন হোৱা কিশোৰীজনীৰ মৃতদেহ উদ্ধাৰ ।হাতীপোতা দ্বিতীয় খণ্ড গাওঁত গৌৰাং নৈত গা-ধুবলৈ গৈ সন্ধানহীন হৈছিল এগৰাকী কণমানি কিশোৰী । কিশোৰ গৰাকী নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰাৰ পিছত গাওঁ খনৰ লগতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। মৃতদেহ উদ্ধাৰ হোৱা কিশোৰী গৰাকীক গাওঁখনৰ হজৰত আলীৰ কন্যা আখিৰা বেগম(১২) বুলি জানিব পৰা গৈছে।

কালি সন্ধিয়া লৈকে ৰাইজৰ লগতে এছ.ডি.আৰ.এফে. উদ্ধাৰ অভিযান চলাই সফল হব পৰা নাই। আজি পুৱাৰে পৰা এছ.ডি.আৰ.এফ. বাহিনীয়ে পুণৰ অভিযান চলাই কনমানি জনীৰ নশ্বৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষ্যম হয়। কনমানি জনীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে গাওঁখনত শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande