নগাঁও, ০৪ অক্টোবৰ (হি.স.)। ধিঙত গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰে সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয় । আজি শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ তম্ আৰ্বিভাৱ মহোৎসৱ নগাঁও জিলাৰ ধিঙত উদযাপন কৰা হয়। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ধিং আঞ্চলিক শাখাৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৭ তম্ আৰ্বিভাৱ মহোৎসৱ অনুষ্ঠিত হয় । ২ অক্টোবৰৰ পৰা ৫ অক্টোৱৰলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্যসূচী অনুসৰি আজি পুৱা ৮.৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰে ধিং আঞ্চলিক শাখাৰ সভাপতি অমল বৰাই ।
পুৱা ৯ বজাত ভাগৱত শোভাযাত্ৰাৰ উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ মূলৰ সদস্যা মৌচুমী কাকতিয়ে । শোভাযাত্রা গোটেই ধিং অঞ্চল পৰিভ্ৰমণ কৰে । দুপৰীয়া ১২.৩০ বজাত আহাৰ গ্রহণ, ১.৩০ বজাৰ পৰা পিতাম্বৰ ভৰালীৰ সোঁৱৰণত সদৌ অসম ভিত্তিত অনুষ্ঠিত দিহা নাম প্ৰতিযোগিতা উদ্বোধন কৰিব ধিং জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক খগেন্দ্ৰ নাথ দেৱ শৰ্মাই। ৫ অক্টোৱৰৰ পুৱা ৯ বজাত শংকৰী সংগীত বিদ্যালয়ৰ দ্বাৰা নৃত্য-গীত অনুষ্ঠান উদ্বোধন কৰিব নগাঁও শংকৰী সংগীত বিদ্যালয় অধ্যক্ষা বন্তি বৰদলৈয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ