বিশ্বনাথত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰে অত্যাধুনিক কমাণ্ডো বেটেলিয়ান কেম্প
বিশ্বনাথ, ০৪ অক্টোবৰ (হি.স.)। বিশ্বনাথৰ অসম অৰুণাচল সিমান্তত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিলে অত্যাধুনিক কমাণ্ডো বেটেলিয়ান কেম্প। ২০০৯ চনৰ আজিৰ দিনটোতে বিশ্বনাথৰ ভীমাজুলিত সংঘটিত হৈছিল এন ডি এফ বিৰ নৰসংহাৰ। ঘাতক বাহিনীৰ গুলীত প্ৰা
বিশ্বনাথত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰে অত্যাধুনিক কমাণ্ডো বেটেলিয়ান কেম্প


বিশ্বনাথ, ০৪ অক্টোবৰ (হি.স.)। বিশ্বনাথৰ অসম অৰুণাচল সিমান্তত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিলে অত্যাধুনিক কমাণ্ডো বেটেলিয়ান কেম্প। ২০০৯ চনৰ আজিৰ দিনটোতে বিশ্বনাথৰ ভীমাজুলিত সংঘটিত হৈছিল এন ডি এফ বিৰ নৰসংহাৰ। ঘাতক বাহিনীৰ গুলীত প্ৰাণ গৈছিল ১২ জনকৈ নিৰীহৰ। উক্ত ঘটনাৰ ১৬ বছৰৰ পিছত আজিৰ দিনটোতে ঘটনাস্থলীৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ নিলগত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে পঞ্চম অসম আৰক্ষী কমাণ্ডো বেটেলিয়ন কেম্প।

অসম আৰক্ষীক আৰু অধিক গতি দিবলৈ,অসম পুলিচক প্ৰকৃত স্মাৰ্ট পুলিচ কৰি তুলিবলৈ অসম চৰকাৰে গ্ৰহন কৰা কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ ভিতৰত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম পদক্ষেপ হৈছে বিশ্বনাথৰ অসম অৰুণাচল সিমান্তৰ পাভৈ অঞ্চলৰ দিৰিংত আজি মুখ্যমন্ত্ৰী গৰাকীয়ে শুভ উদ্ধোধন কৰা পঞ্চম অসম কমাণ্ডো বেটেলিয়ান কেম্প। অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়ান সকলক অধিক স্মাৰ্ট কৰি তুলিবলৈ ৰাজ্যৰ পাঁচখন জিলাত এনে বেটেলিয়ান নিৰ্মানৰ কাম হাতত লৈছিল। তাৰ ভিতৰত বিশ্বনাথতেই প্ৰথমটো বেটেলিয়ান কেম্প শুভ উদ্বোধন কৰা হয়।

৪০০ বেটেলিয়ান একেলগে থাকিব পৰা অত্যাধুনিক ভাবে নিৰ্মান কৰা এই বেটেলিয়ান কেম্পত আছে কেইবাটাও অত্যাধুনিক সা-সুবিধা। ২১৮ বিঘা ভুমিত প্ৰায় ১৭৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা এই বেটেলিয়ান কেম্পত হেলিপেড,খেলপথাৰ,পেৰেড গ্ৰাউণ্ড,কমিউনিটি চেন্টাৰ, নামঘৰ, অত্যাধুনিক কম্পিউটাৰ লেব,অসম আৰক্ষীৰ কৰ্মচাৰীৰ বাবে বিদ্যালয়,আৰক্ষী তথা পৰিয়ালৰ বাবে দহখন বিচনা যুক্ত চিকিৎসালয়,অগ্নি নিৰ্বাপনৰ ব্যবস্থাৰ লগতে আৰু বহুতো অত্যাধুনিক সা-সুবিধাৰে এই বেটেলিয়ান কেম্পটো নিৰ্মান কৰা হৈছে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং, সাংসদ ৰঞ্জিত দত্ত, মন্ত্ৰী অশোক সিংহাল, বিধায়ক প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা, দিগন্ত ঘাটোৱাল আদি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande