ভাৰতীয় ইতিহাসৰ অন্যতম বিখ্যাত ৰাণী বুলি গণ্য কৰা গোণ্ডৱানাৰ বীৰ শাসক ৰাণী দুৰ্গাৱতীৰ জন্ম হৈছিল ১৫২৪ চনৰ ৫ অক্টোবৰত মহোবাৰ ৰাথ গাঁৱত। দুৰ্গাষ্টমীত জন্ম হোৱা বাবেই তাইৰ নাম দুৰ্গাৱতী ৰখা হৈছিল। ৰাণী দুৰ্গাৱতী আছিল কালিঞ্জাৰৰ ৰজা কীৰ্তি সিং চণ্ডেলৰ একমাত্ৰ সন্তান।
১৬ বছৰ ধৰি দুৰ্গাৱতীয়ে যি দক্ষতাৰে শাসন চলাইছিল, তাৰ প্ৰশংসা কৰিছে ইতিহাসবিদসকলে। আইন-ই-আকবাৰীত আবুল ফজলে লিখিছে, দুৰ্গাৱতীৰ ৰাজত্বকালত গণ্ডৱানা ইমানেই সুসংগঠিত আৰু সমৃদ্ধিশালী আছিল যে জনসাধাৰণে সোণৰ মুদ্ৰা আৰু হাতীৰে কৰ দিছিল।
ৰাণী দুৰ্গাৱতীয়ে ৰাজত্ব কালত অসংখ্য মন্দিৰ, মঠ, কূপ, ষ্টেপৱেল, ধৰ্মশালা আদি নিৰ্মাণ কৰিছিল। বৰ্তমানৰ জবলপুৰ আছিল তাইৰ ৰাজ্যৰ কেন্দ্ৰবিন্দু। তেওঁ নিজৰ দাসীৰ নামত চেৰিতাল, নিজৰ নামত ৰাণীতাল আৰু বিশ্বাসযোগ্য দিৱান আধাৰ সিংহৰ নামত আধাৰতল নিৰ্মাণ কৰিছিল। শৌৰ্য্য আৰু সাহসৰ দেৱী ৰাণী দুৰ্গাৱতীয়ে ১৫৬৪ চনৰ ২৪ জুনত নিজৰ ধৰ্ম আৰু দেশৰ দৃঢ়তাৰে ৰক্ষা কৰি যুদ্ধক্ষেত্ৰত প্ৰাণ আহুতি দিয়ে।
অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা:
১৭৯৩ – ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সত খ্ৰীষ্টান ধৰ্ম প্ৰতিষ্ঠা হয়।
১৭৯৬ – স্পেইনে ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৮৬৪ – আজিৰ দিনটোতে কলিকতাত ঘূৰ্ণীবতাহৰ ফলত প্ৰায় ৫০,০০০ লোকৰ মৃত্যু হয়।
১৯১৫ – বুলগেৰিয়াই প্ৰথম বিশ্বযুদ্ধত অংশগ্ৰহণ কৰে।
১৯৪৬ - প্ৰথম কান চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি পৰে।
১৯৪৮ – আজিৰ দিনটোতে তুৰ্কমেনিস্তানৰ ৰাজধানী আছগাবাটত সংঘটিত ভূমিকম্পৰ ফলত ১ লাখ ১০ হাজাৰ লোকৰ মৃত্যু হয়।
১৯৬২ – জেমছ বণ্ড ধাৰাবাহিকৰ প্ৰথমখন ছবি ডাঃ ন' মুক্তি পায়।
১৯৮৮ – ব্ৰাজিলৰ সংবিধান পৰিষদে সংবিধান অনুমোদন কৰে।
১৯৮৯ – ন্যায়াধীশ মীৰা চাহাব ফাতিমা বিবি উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হয়।
১৯৯৫ – আইৰিছ কবি আৰু লেখক হিনীক ১৯৯৫ চনৰ সাহিত্য বঁটা লাভ কৰা বুলি ঘোষণা কৰা হয়।
১৯৯৭ – প্ৰধানমন্ত্ৰী ইন্দৰ কুমাৰ গুজৰালে ৰাজধানী কম্পালাৰ সিপাৰে নীল নদীৰ উৎস জিঞ্জাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।
ভাৰতীয় টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেইছ আৰু মহেশ ভূপথীয়ে জিম কুৰিয়ৰ আৰু এলেক্স অ’ব্ৰাইনক পৰাস্ত কৰি চীন অ’পেন টেনিছ প্ৰতিযোগিতাত জয়লাভ কৰে।
১৯৯৯ - ভাৰতে সৰ্বাংগীন পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি (CTBT) সম্পৰ্কীয় বিশেষ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লয়।
২০০০ – যুগোস্লাভিয়াৰ ৰাষ্ট্ৰপতি মিলোচেভিচৰ বিৰুদ্ধে বিদ্ৰোহ।
২০০১ –পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে সেনাধ্যক্ষৰ কাৰ্যকাল অনিৰ্দিষ্টকাললৈ বৃদ্ধি কৰে।
২০০৪ - পশ্চিম এছিয়া সন্দৰ্ভত আৰব দেশসমূহৰ প্ৰস্তাৱৰ বিৰোধিতা কৰে আমেৰিকাই।
২০০৫ – ভাৰতে উল্লাসৰ ক্ষেত্ৰত চতুৰ্থ স্থান লাভ কৰে।
২০০৭ – আজিৰ দিনটোতে নেপাল চৰকাৰ আৰু মাওবাদীৰ মাজত সহমত নোহোৱাৰ বাবে সংবিধান সভাৰ নিৰ্বাচন বাতিল কৰা হয়।
- পাৰভেজ মুশ্বাৰফ আৰু বেনজিৰ ভুট্টোৰ মাজত চুক্তি হয়।
২০০৮ – কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ছেঠু সমুদ্ৰম প্ৰকল্পৰ বাবে অন্যান্য স্থানৰ পৰীক্ষা আৰম্ভ কৰে।
২০১১ – এপলৰ প্ৰাক্তন চিইঅ’ তথা সহ-প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ ৫৬ বছৰ বয়সত মৃত্যু হয়।
- বিশ্বৰ সস্তা টেবলেট পিচি 'আকাশ' ভাৰতত ₹২,২৫০ত মুকলি কৰা হয়।
জন্ম –
১৯৬৪ - মধুমিতা বিষ্ট - প্ৰাক্তন বেডমিণ্টন খেলুৱৈ।
১৯৫৪ – গুৰুদাস কামত - ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু এজন বিশিষ্ট ৰাজনীতিবিদ।
১৯৫০ – ভি বৈথিলিংগম - পুডুচেৰীৰ ষষ্ঠ মুখ্যমন্ত্ৰী আছিল।
১৯৪০ – নৰ বাহাদুৰ ভাণ্ডাৰী - ছিকিমৰ প্ৰাক্তন দ্বিতীয় মুখ্যমন্ত্ৰী আছিল।
১৯৩৬ – হিতেশ্বৰ শইকীয়া - ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা, যি দুবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৩৪ – চো ৰামাস্বামী - ভাৰতীয় অভিনেতা, কমেডিয়ান, ৰাজনৈতিক ব্যংগকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক, আৰু উকীল।
১৯০২ – ৰাম চতুৰ মল্লিক - ধ্ৰুপদ-ধমাৰ শৈলীৰ গায়ক।
১৮৯০ – আজিৰ দিনটোতে কিশোৰী লাল মাশ্ৰুৱালা - এগৰাকী সমাজ সংস্কাৰক আৰু স্বাধীনতা সংগ্ৰামী।
১৫২৪ – আজিৰ দিনটোতে ৰাণী দুৰ্গাৱতী - ভাৰতীয় ইতিহাসৰ অন্যতম বিখ্যাত বীৰ ৰাণী।
মৃত্যু –
২০০৩ – উইলছন জোনছ - ভাৰতৰ এজন পেছাদাৰী বিলিয়াৰ্ড খেলুৱৈ আছিল।
১৯৮১ – ভাগৱতী চৰণ ভাৰ্মা - এগৰাকী বিশিষ্ট হিন্দী সাহিত্যিক ব্যক্তি।
১৯৬৮ – যোগেন্দ্ৰ নাথ মণ্ডল - পাকিস্তানৰ প্ৰথম আইন মন্ত্ৰী।
১৯৩৭ – আজিৰ দিনটোতে দুৰ্গা প্ৰসাদ ক্ষত্ৰী - অন্যতম বিখ্যাত হিন্দী ঔপন্যাসিক ।
১৮০৫ – লৰ্ড কৰ্ণৱালিছ - ফ'ৰ্ট উইলিয়াম প্ৰেচিডেন্সিৰ গৱৰ্ণৰ জেনেৰেল।
গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু উদযাপন
বিশ্ব বাসস্থান দিৱস
আন্তঃৰাষ্ট্ৰীয় শিক্ষক দিৱস
বন্যপ্ৰাণী সপ্তাহ (২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ)
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া