মধ্য় প্ৰদেশত কোল্ডিফ কাপ চিৰাপৰ ফলত ৯ টা শিশুৰ মৃত্যু, বিক্ৰী নিষিদ্ধ
- কোনো মূল্যৰ বিনিময়ত দোষীক ৰেহাই দিয়া নহ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, তদন্তকাৰী দল গঠন - তামিলনাডু চৰকাৰে কোল্ডিফ চিৰাপত বৃক্ক ক্ষতিকাৰক বিষাক্ত পদাৰ্থ উদ্ধাৰ ভূপাল, ০৪ অক্টোবৰ (হি.স.)। মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা জিলাত কথিতভাৱে নিৰাময়কাৰী কাহৰ চিৰাপ
कोल्ड्रिफ कप सिरप (प्रतीकात्मक तस्वीर)


- কোনো মূল্যৰ বিনিময়ত দোষীক ৰেহাই দিয়া নহ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, তদন্তকাৰী দল গঠন

- তামিলনাডু চৰকাৰে কোল্ডিফ চিৰাপত বৃক্ক ক্ষতিকাৰক বিষাক্ত পদাৰ্থ উদ্ধাৰ

ভূপাল, ০৪ অক্টোবৰ (হি.স.)। মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা জিলাত কথিতভাৱে নিৰাময়কাৰী কাহৰ চিৰাপৰ ফলত কেইবাটাও শিশুৰ মৃত্যু হয়। পৰাছিয়া ব্লকত ৯ টা শিশুৰ মৃত্যুৰ পিছত মধ্যপ্ৰদেশত কোল্ডিফ কাহ চিৰাপৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। খোদ মুখ্যমন্ত্ৰী মোহন যাদৱে ছ’চিয়েল মিডিয়াত এক বিবৃতি প্ৰকাশ কৰে।

ছচিয়েল মিডিয়াত শনিবাৰে মুখ্যমন্ত্ৰী ড০ যাদৱে কয় যে কোল্ডিফ চিৰাপৰ বাবে চিণ্ডৱাৰাত শিশুৰ মৃত্যু অত্যন্ত দুখজনক। সমগ্ৰ মধ্যপ্ৰদেশতে এই চিৰাপৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। এই চিৰাপ প্ৰস্তুত কৰা কোম্পানীটোৰ অন্যান্য সামগ্ৰীৰ বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

তেওঁ কয় যে যিহেতু এই চিৰাপ প্ৰস্তুত কৰা কাৰখানাটো কাঞ্চিপুৰমত অৱস্থিত, সেয়েহে ৰাজ্য চৰকাৰে ঘটনাৰ খবৰ পোৱাৰ পিছত তামিলনাডু চৰকাৰক তদন্ত কৰিবলৈ কয়। আজি পুৱা তদন্তৰ প্ৰতিবেদন লাভ কৰে। প্ৰতিবেদনৰ ভিত্তিত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শিশুকেইটাৰ মৰ্মান্তিক মৃত্যুৰ পিছতে স্থানীয় পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এই বিষয়টোৰ তদন্তৰ বাবে ৰাজ্যিক পৰ্যায়তো এটা দল গঠন কৰা হৈছে। কোনো মূল্যৰ বিনিময়ত দোষীক ৰেহাই দিয়া নহ’ব।

উল্লেখযোগ্য যে যোৱা ২০ দিনত মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা জিলাৰ পৰছিয়া ব্লকত কোল্ডিফ কাহৰ চিৰাপ সেৱন কৰি বৃক্ক বিকল হৈ ৯ টা শিশুৰ মৃত্যু হৈছে। এই শিশুসকলৰ অধিকাংশই নাগপুৰৰ ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে। বহুতে এতিয়াও চিকিৎসালয়ত নিজৰ প্ৰাণ ৰক্ষাৰ বাবে যুঁজি আছে।

দৰাচলতে ছিণ্ডৱাৰা জিলাৰ ৯টা শিশুৰ মৃত্যুৰ বাবে যিটো কাহৰ চিৰাপক দোষাৰোপ কৰা হৈছে, তাত বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি কৰা দেখা গৈছে। শুকুৰবাৰে তামিলনাডু চৰকাৰেও এই কথা নিশ্চিত কৰিছে। শ্ৰীছান কোম্পানীৰ কাঞ্চিপুৰম ইউনিটত তামিলনাডু চৰকাৰৰ ঔষধ বিভাগৰ বিষয়াসকলে কৰা এক তদন্তত প্ৰকাশ পাইছে যে ৪৮.৬ শতাংশ ক’লড্ৰিফ কাহৰ চিৰাপত ডাইথাইলিন গ্লাইকল নামৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি কৰা হৈছে।

ইয়াৰ পিছতে তামিলনাডু চৰকাৰে কলড্ৰিফ কাহ চিৰাপৰ উৎপাদন আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে। তামিলনাডু চৰকাৰৰ এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে শিশুকেইটাৰ মৃত্যুৰ বাবে দায়ী বুলি সন্দেহ কৰা ক’লড্ৰিফ কাহ চিৰাপ বেচ নম্বৰ এছ আৰ-১৩ উৎপাদনত দূষিত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছে। তামিলনাডু ড্ৰাগ বিভাগে এই বেচৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল, আৰু ২৪ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন লাভ কৰিছিল। ইয়াৰ পিছতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

তদন্তত কি কথা পোহৰলৈ আহিল?

কাঞ্চিপুৰম জিলাৰ ছুংগুৱৰচাত্ৰমত শ্ৰীছান ফাৰ্মাচিউটিকেলছৰ ইউনিটৰ পৰা জব্দ কল্ড্ৰিফ চিৰাপ (বেচ নম্বৰ এছ আৰ-১৩)। এই পৰীক্ষাত দেখা গ’ল যে ইয়াত নন-ফাৰ্মাকোপিয়া গ্ৰেডৰ প্ৰপাইলিন গ্লাইকল ব্যৱহাৰ কৰা হৈছে, সম্ভৱতঃ ডাইথাইলিন গ্লাইকল আৰু ইথিলিন গ্লাইকলৰ দ্বাৰা দূষিত, যি দুয়োটা বিষাক্ত পদাৰ্থ যিয়ে বৃক্কৰ ক্ষতি কৰিব পাৰে। চেন্নাইৰ চৰকাৰী ড্ৰাগছ টেষ্টিং লেবলৈ নমুনা প্ৰেৰণ কৰা হয়, আৰু ২৪ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন লাভ কৰা হয়।

তামিলনাডু চৰকাৰেও প্ৰতিবেদনত উল্লেখ কৰিছে যে মধ্যপ্ৰদেশ চৰকাৰৰ ড্ৰাগ কণ্ট্ৰল অথৰিটিয়ে ১ অক্টোবৰৰ বিয়লি ৩:৩৭ বজাত কলড্ৰিফ কাহৰ চিৰাপ সন্দৰ্ভত প্ৰতিবেদন প্ৰেৰণ কৰিছিল। তামিলনাডুত ১ আৰু ২ অক্টোবৰ ৰাজহুৱা বন্ধ আছিল। ইয়াৰ পিছতো আমি ২৭ মিনিটৰ ভিতৰতে ব্যৱস্থা গ্ৰহণ কৰি তদন্তৰ নিৰ্দেশ দিলোঁ। এই দলটোৱে সেইদিনা কাৰখানাত উপস্থিত হৈছিল। তদন্তকাৰী দলটোৱেও পিছদিনা অৰ্থাৎ ২ অক্টোবৰত কাৰখানাটো পৰিদৰ্শন কৰে। তদন্তকাৰী দলটোৱে কাৰখানাটোত অসংখ্য প্ৰট’কল উলংঘাৰ তথ্য উদ্ধাৰ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande