পাটনা, ০৪ অক্টোবৰ (হি.স.)। বিহাৰৰ পাটনাৰ হোটেল তাজত নিৰ্বাচন আয়োগ আৰু ৰাজনৈতিক দলসমূহৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ সামৰণি পৰে। এই বৈঠকত ভাৰতীয় জনতা পাৰ্টিয়ে স্বচ্ছতা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ এক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ জয়ছোৱালে বৈঠকৰ অন্তত উল্লেখ কৰে যে মসৃণ প্ৰশাসনিক ব্যৱস্থাপনা সুনিশ্চিত কৰিবলৈ আগন্তুক নিৰ্বাচন এটা বা দুটা পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ আয়োগক অনুৰোধ জনাইছে। লগতে ৰাজ্যজুৰি কেন্দ্ৰীয় বাহিনী ব্যাপক মোতায়েনৰ দাবী জনায়।
ৰাজ্যিক সভাপতি ড০ জয়ছোৱালে উল্লেখ কৰে যে ডায়েৰা (নদীৰ মাজত বালিচহীয়া অঞ্চল)ৰ দৰে স্পৰ্শকাতৰ অঞ্চলত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন কৰিব লাগে, য’ত পূৰ্বতে বুথ ধৰা পেলোৱাৰ কাণ্ড সংঘটিত হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিবলৈ ভোটকেন্দ্ৰত প্ৰৱেশ কৰা বোৰ্কা পৰিধান কৰা মহিলাসকলক চিনাক্ত কৰিব লাগে বুলিও তেওঁ পৰামৰ্শ আগবঢ়ায়।
লগতে ভোটদানৰ ২৪ ঘন্টাৰ পূৰ্বে সকলো ভোটাৰক এছএমএছৰ জৰিয়তে অৱগত কৰিবলৈ আয়োগক অনুৰোধ জনায় বিজেপিয়ে যাতে তেওঁলোক সজাগ আৰু নিৰ্বাচনৰ বাবে সাজু হৈ থাকে। লগতে অতি শীঘ্ৰে ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায় দলটোৱে। নিৰ্বাচনত কোনো ধৰণৰ বিসংগতি ৰোধ কৰিবলৈ সময়মতে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি বিজেপি নেতাসকলে কয়।
বৈঠকৰ সময়ত ৰাজ্যিক নিৰ্বাচন আয়ুক্তই ছ’চিয়েল মিডিয়াত বৈঠকৰ ফটো শ্বেয়াৰ কৰি লিখিছে, বিহাৰৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অধ্যক্ষতাত বিহাৰৰ ১২টা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ লগতে নিৰ্বাচন আয়ুক্ত ড° সুখবীৰ সিং সন্ধু আৰু বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়া বিনোদ সিং গুণজ্যাল আৰু আয়োগৰ জ্যেষ্ঠ বিষয়া ড° বিবেক যোশীৰ সৈতে আলোচনা চলি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া