বিশ্বনাথ আৰু বিহালী বিধানসভা সমষ্টিৰ ৩৭,৮০৪ গৰাকী হিতাধিকাৰীলৈ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
বিশ্বনাথ, ০৪ অক্টোবৰ (হি.স.)। মহিলা সবলীকৰণৰ দিশত নতুন দিগন্তৰ সূচনাৰে অসম চৰকাৰে অব্যাহত ৰখা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত আয়োজিত এক জনসভাত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ বিধানসভা
মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ


বিশ্বনাথ, ০৪ অক্টোবৰ (হি.স.)। মহিলা সবলীকৰণৰ দিশত নতুন দিগন্তৰ সূচনাৰে অসম চৰকাৰে অব্যাহত ৰখা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত আয়োজিত এক জনসভাত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ বিধানসভা সমষ্টিৰ ৩৪,৬২০ গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেকবিতৰণৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিহালী সমষ্টিৰ পূৰ্বে ৰৈ যোৱা ৩১৮৪ গৰাকী হিতাধিকাৰীকো আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আজি বিশ্বনাথ সমষ্টিত সৰ্বমুঠ ৩৪,৬২০গৰাকী হিতাধিকাৰীয়ে ১০ হাজাৰ টকাকৈ মুঠ ৩৪ কোটি ৬২ লাখ টকাৰ চেক লাভ কৰিছে। ইয়াৰে ৩২,৯৯৭গৰাকী হিতাধিকাৰী প্ৰামাঞ্চলৰ আৰু ১৬২৩ গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ। এই অভিযানৰ জৰিয়তে কৃষি,পশুপালন, হত্ততাত আৰু হস্তশিল্পকে প্রমুখ্য কৰি আন বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তেগাঁওকেন্দ্ৰিক জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্রসাৰ ঘটাবলৈ লক্ষ্য লোৱা হৈছে। বিশ্বনাথ সমষ্টিৰ হিতাধিকাৰীসকলৰক্ষেত্ৰত দেখা যায় যে ছাগলী পালনৰ ক্ষেত্ৰত সমষ্টিটোৰ সৰ্বাধিক ২৩ খন গাঁও পঞ্চায়তৰ ১১,৫২০ গৰাকীমহিলাই আবেদন কৰিছে। অৰ্থাৎ এই ক্ষেত্ৰত এই সমষ্টিয়ে ১১.৫২ কোটি টকা লাভ কৰিব।

গাহৰি পালনৰক্ষেত্ৰত সমষ্টিটোৰ সৰ্বাধিক ১২ খন গাঁও পঞ্চায়তৰ ৩৯২৫ গৰাকী মহিলাই আবেদন কৰিছে। অৰ্থাৎ এই ক্ষেত্ৰতএই সমষ্টিটোৱে ৩.৯২ কোটিৰো অধিক টকা লাভ কৰিব। কুকুৰা পালনৰ বাবে আবেদন কৰিছে ১৫ খন গাঁওপঞ্চায়তৰ ২৮০৪ গৰাকী মহিলাই আৰু ইয়াৰ বাবে ২.৮০ কোটিৰো অধিক টকা ব্যয় কৰা হব। গাখীৰ উপাদনৰবাবে ১৩ খন গাঁও পঞ্চায়তৰ ২৬৬৯ গৰাকী মহিলাই ২.৬৬ কোটিৰো অধিক টকা বিনিয়োগ কৰিব। মীন পালনৰবাবে সমষ্টিটোৰ ৭ খন গাও পঞ্চায়তৰ ১১৯৩ গৰাকী মহিলাই আগ্ৰহ প্রকাশ কৰিছে আৰু ইয়াৰ বাবদ সমষ্টিটোত ১.১৯ কোটিৰো অধিক টকা বিনিয়োগ হব। একেদৰে ধান খেতিৰ বাবে ৫ খন গাঁও পঞ্চায়তৰ ৯৭৩ গৰাকীমহিলাই কৰা আবেদনৰ ভিত্তিত ৯৭ লাখৰো অধিক টকা বিনিয়োগ হব। আনহাতে লেয়াৰ কুকুৰা আৰু হাঁহ পালনৰ বাবে বিশ্বনাথ সমষ্টিৰ ৫ খন গীও পঞ্চায়তৰ মুঠ ৬৪৪ গৰাকী মহিলাই আবেদন কৰিছে আৰু তাৰ বাবেতেওঁলোকে ৬৪ লাখৰো অধিক পুঁজি লাভ কৰিব।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড. শৰ্মাই কয় যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কথা কওঁতে প্রথমে মানুহে বিশ্বাস কৰিবই খোজা নাছিল। কিয়নো ৰাজ্যৰ ৪ লাখ মহিলাআত্মসহায়ক গোটৰ ৪০ লাখ গৰাকী মহিলাক ১০,০০০ টকাকৈ দিবলৈ ৪০০০ কোটি টকাৰ প্রয়োজন আছিল। সেইদৰে অৰুণোদয় আঁচনিৰ ৩০ লাখ হিতাধিকাৰীৰ বাবেও মাহত ৪ কোটিকৈ বছৰত ৪৮০০ কোটিৰ প্রয়োজন আছিল। সেয়ে বহুতে এই আঁচনি ৰাজ্য চৰকাৰৰ নিৰবাৰ্চনমুখী অবাস্তৱ ঘোষণা বুলি কৈছিল। কিন্তু ৰাজ্য চৰকাৰেৰাইজক দিয়া প্রতিশ্ৰৃতিৰ পৰা কেতিয়াও আঁতৰি অহাৰ নজিৰ নাই বুলি উল্লেখ কৰি তেওঁ কয় যে সেয়া আজিৰাজ্যবাসীয়ে স্বচক্ষে প্রত্যক্ষ কৰিছে। ৰাইজক দিয়া প্রতিশ্রুতি অনুসৰি যোৱা ১ এপ্ৰিলত বিহালী সমষ্টিত আত্মসহায়কগোটৰ সদস্যাসকললৈ চেক প্রদানেৰে আঁচনিখনৰ প্রথম পৰ্যায়ৰ আৰম্ভণি কৰাৰ পিছত যোৱা ২২ আগষ্টত নলবাৰী সমষ্টিৰ পৰা চেক প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজিৰ তাৰিখলৈকে ৰাজ্যৰ ১৭ টা সমষ্টিত এই আঁচনিৰ চেক বিতৰণ কৰা হৈছে। আজি বিশ্বনাথৰ হিতাধিকাৰী সকললৈ চেক বিতৰণৰ পাছত পৰ্যায়ক্ৰমে ৰাজ্যৰ আনবোৰ সমষ্টিতো চেক বিতৰণ কাৰ্যসূচী অব্যাহত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ মহিলাসকলক আৰ্থিকভাৱে স্বচ্ছল কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰেঅসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোট গঠন কৰি মহিলা সদস্যাসকলক ঘূৰ্ণীয়মানপুঁজি যোগান ধৰাৰ লগতে বেংকৰ পৰা থ্চণ গ্ৰহণৰ ব্যৱস্থাও কৰি দিছিল। তেওঁ কয় যে এই পদক্ষেপৰ অধীনতআজি অসমৰ প্রায় ৮ লাখ উদ্যমী মহিলা লাখপতি বাইদেউলৈ উন্নীত হ’বলৈ সক্ষম হৈছে। তেওঁলোকে বিভিন্নউন্নয়নমূলক কাম-কাজত জড়িত হৈ বছৰত প্রায় ১ লাখ টকাকৈ ব্যৱসায়-বাণিজ্য কৰে। তেওঁ লগতে কয় উন্নয়নমূলক কামৰ বাবে বেংক পৰা খ৷ণ প্ৰহণ কৰা আত্মসহায়ক গোটসমূহৰ প্রায় ৯৯ শতাংশই সময়মতে বেংককখণ পৰিশোধ কৰিছে। ৰাজ্যৰ আত্মসহায়ক গোটৰ ৪০ লাখ মহিলাকে লাখপতি বাইদেউলৈ উন্নীত কৰাটো ৰাজ্যচৰকাৰৰ সপোন আছিল আৰু তাক বাস্তৱায়িত কৰাৰ বাবেই চৰকাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভ কৰিছিল।

আজিৰ সভাত সমবেত হোৱা মহিলাসকলক মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ পৰা পাবলগীয়া ধনখিনি উপাৰ্জনমূলককামত খৰচ কৰিবলৈ আহ্বান জনাই কয় যে একোটা আত্মসহায়ক গোটৰ ১০ গৰাকী মহিলাই ধনখিনি গোটৰএকাউণ্টত জমা কৰিলে বেংকেও তাৰ দুগুণ ধন খ৷ণ হিচাপে দিব। বেংকৰ পৰা এই অতিৰিক্ত খূণ লৈ তেওঁলোকেউৎপাদনমূলক কাম বা ব্যৱসায় কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। গোটত বিনিয়োগ কৰিবলৈ অনিচ্ছুক মহিলাসকলেগাইগুটীয়াকৈও হাঁহ-কুকুৰা পালন, পিঠাপনাৰ ব্যৱসায় আদি উৎপাদনমূলক কামত খৰচ কৰিব পাৰে বুলি উল্লেখকৰি তেওঁ কয় যে স্বামী বা পৰিয়ালৰ ব্যৱসায়তো মহিলাসকলে এই পুঁজি খৰচ কৰিব পাৰে। প্রথম বছৰতউপযুক্ত উপাৰ্জনমুখী কামত এই ১০ হাজাৰ টকাৰ ধনৰাশি খৰচ কৰিলে দ্বিতীয় বছৰত বেংকৰ সহযোগত পুনৰ২৫ হাজাৰ টকাকৈ দিয়া হ’ব আৰু ২৫ হাজাৰ টকাও উৎপাদনমূলক কামত খৰচ কৰিলে পৰৱৰ্তী তৃতীয় বছৰত ৫০ হাজাৰ টকাকৈ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰেচন কাৰ্ড থকা পৰিয়ালসমূহে অহা ১ নৱেম্বৰৰ পৰা চাউলৰ লগতে সুলভমূল্যত দাইল, চেনী আৰু নিমখো লাভ কৰিব। পৰৱৰ্তী সময়ত ৰেচন কাৰ্ডধাৰীসকলক মিঠাতেল প্রদানৰো ব্যৱস্থা

কৰা হ’ব বুলি সভাত মুখ্যমন্ত্ৰীয়ে আশ্বাস প্রদান কৰে। তেওঁ কয় যে অহা ৭ অক্টোবৰৰ পৰা অৰুণোদয় আঁচনিৰঅধীনত মহিলাসকলক মাহিলী ১২৫০ টকাকৈ প্রদানৰ পদক্ষেপ লোৱা হৈছে। ৰন্ধন গেছৰ কাৰ্ড থকা অৰুণোদয়পৰিয়ালে ৰন্ধন গেছৰ চিলিণ্ডাৰ ভ্ৰুয়ৰ বাবে ২৫০ টকাকৈ ৰাজসাহায্য পাব বুলিও তেওঁ কয়। চৰকাৰখনৰ প্ৰতিথকা ৰাইজৰ মৰম, আস্থা আৰু বিশ্বাসৰ বাবেই ৰাজ্য চৰকাৰে এটা এটাকৈ বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণকৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাইজক দিয়া প্রতিশ্ৰুতি ১০০ শতাংশই পূৰণ কৰাৰ বাবেচৰকাৰ দৃঢ়প্ৰতিজ্ঞ।

আজিৰ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক প্রমোদ বৰঠাকুৰ, পদ্ম হাজৰিকা, উৎপল বৰা,পৃথিৰাজ ৰাভা, দিগন্ত ঘাটোৱাল, অমিয় কুমাৰ ভূঞা আৰু কৃষ্ণকমল তাঁতী, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰীসুনীতা তাঁতী,অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস, বিশ্বনাথ পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, প্রাক্তন বিধায়ক প্ৰবীণ হাজৰিকা, সমাজকৰ্মী পৰেশ বৰকাকতি আৰু অসীম কুমাৰ দাস প্রমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কুম্তলমণি শৰ্মা বৰদলৈ আৰু জিলা আয়ুক্তসীমান্ত কুমাৰ দাস সমন্বিতে বিভাগীয় বিষয়ববীয়াসকল আৰু আত্মসহায়ক গোটৰ হিতাধিকাৰী মহিলাসকলউপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande