শিৱসাগৰত কংগ্ৰেছ দলৰ মমশিখা সমদল কাৰ্য্যসূচী
শিৱসাগৰত কংগ্ৰেছ দলৰ মমশিখা সমদল কাৰ্য্যসূচী।
শিৱসাগৰত কংগ্ৰেছ দলৰ মমশিখা সমদল কাৰ্য্যসূচী


শিৱসাগৰ, ০৪ অক্টোবৰ (হি.স.): শিৱসাগৰত যোৱা কালি শুকুৰবাৰৰ সন্ধিয়া কংগ্ৰেছ দলে মমশিখা সমদল কাৰ্য্যসূচী বাহিৰ কৰে। এই সমদলত যোৰহাট লোক সভাৰ সাংসদ তথা এ পি চি চি সভাপতি গৌৰৱ গগৈ, বিৰোধী দলৰ দলপতি বিধায়ক দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে অংশ গ্ৰহণ কৰে। উচিত তদন্ত আৰু ন্যায়ৰ দাবীত মমশিখা সমদল কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ফাৰ্ষ্টট্ৰেক আদালতত শুনানিৰ দাবী জনায়। এই ক্ষেত্ৰত অভিযুক্তসকলে সময় পোৱাক লৈ ক্ষোভ ব্যক্ত কৰে সাংসদ গৌৰৱ গগৈয়ে। JUSTICE FOR ZUBEEN শীৰ্ষক কাৰ্য্যসূচী ধাৰাবাহিক ভাৱে বিভিন্ন জিলাত ৰূপায়ন কৰাৰ লগতে কংগ্ৰেছ দল জুবিন গাৰ্গৰ পৰিয়ালৰ লগত তথা জুবিন গাৰ্গৰ অনুৰাগীৰ লগত থাকিব বুলি সদৰি কৰে সাংসদ গগৈয়ে । আনহাতে জুবিন অনুৰাগীক শীঘ্ৰে জেলৰ পৰা মুকলি কৰি দিয়াৰ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande