৬৮ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অংশগ্ৰহণ কৰিব সাংসদ অনুৰাগ শৰ্মাই
ঝান্সী, ০৪ অক্টোবৰ (হি.স.)। কেৰিবিয়ান দ্বীপ ৰাষ্ট্ৰ বাৰ্বাডোছৰ ৰাজধানী ব্ৰীজটাউনত অনুষ্ঠিত হ’বলগীয়া ৬৮ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অংশগ্ৰহণ কৰিব ঝান্সী-ললিতপুৰ সমষ্টিৰ সংসদ সদস্য তথা কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছ’চিয়েশ্যনৰ আন্তঃৰাষ্ট্ৰীয় কোষাধ্
मंच की फोटो


ঝান্সী, ০৪ অক্টোবৰ (হি.স.)। কেৰিবিয়ান দ্বীপ ৰাষ্ট্ৰ বাৰ্বাডোছৰ ৰাজধানী ব্ৰীজটাউনত অনুষ্ঠিত হ’বলগীয়া ৬৮ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অংশগ্ৰহণ কৰিব ঝান্সী-ললিতপুৰ সমষ্টিৰ সংসদ সদস্য তথা কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছ’চিয়েশ্যনৰ আন্তঃৰাষ্ট্ৰীয় কোষাধ্যক্ষ অনুৰাগ শৰ্মাই। এই সন্মিলন ২০২৫ চনৰ ৫ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ অনুষ্ঠিত হ’ব।

কেৰিবিয়ান দ্বীপ ৰাষ্ট্ৰ বাৰ্বাডোছৰ ৰাজধানী ব্ৰীজটাউনত অনুষ্ঠিত হ’বলগীয়া ৬৮ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত কমনৱেলথৰ ৫৬খন সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধি একত্ৰিত হ’ব। এই সন্মিলনত সংসদীয় গণতন্ত্ৰ শক্তিশালী কৰা, সুশাসন, সৰ্বাংগীন উন্নয়ন, আৰু একবিংশ শতিকাৰ উদীয়মান বিশ্বজনীন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বিষয়সমূহৰ ওপৰত ব্যাপকভাৱে আলোচনা কৰা হ’ব। এইবাৰৰ সন্মিলনৰ বিষয়বস্তু হৈছে কমনৱেলথ এণ্ড গ্ল'বেল পাৰ্টনাৰ্ছ।

সংসদ সদস্য অনুৰাগ শৰ্মাই চিপিএৰ কোষাধ্যক্ষ হিচাপে তিনি বছৰীয়া কাৰ্যকালৰ ঐতিহাসিক আৰু অতি সফল কাৰ্যকাল সমাপ্ত কৰাৰ সময়ত শৰ্মাৰ এই অংশগ্ৰহণ এক গুৰুত্বপূৰ্ণ । তেওঁৰ কাৰ্যকালই সংস্থাটোৰ বাবে এক নতুন যুগৰ সূচনা কৰিছে আৰু ইয়াক চিপিএৰ ইতিহাসৰ অন্যতম পৰিৱৰ্তনশীল সময় বুলি গণ্য কৰা হয়। বিগত তিনি বছৰত চিপিএৰ কোষাধ্যক্ষ হিচাপে তেওঁৰ নেতৃত্বত সংস্থাটোৱে অভূতপূৰ্ব গাঁথনিগত আৰু প্ৰশাসনিক পৰিৱৰ্তন সাধন কৰিছে। সাংসদ শৰ্মাৰ অক্লান্ত প্ৰচেষ্টাৰ ফলস্বৰূপে চিপিএক কেৱল ব্ৰিটিছ চেৰিটি হিচাপে কাম কৰাৰ পুৰণি, সীমিত ব্যৱস্থাৰ পৰা আঁতৰাই ব্ৰিটেইনত এক বৃহৎ, স্থায়ী, আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থা (আভ্যন্তৰীণ সংস্থা) হিচাপে আইনগতভাৱে স্বীকৃতি লাভ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande