ৰাহুলৰ বক্তব্যই দেশৰ ভাবমূর্তি কলংকিত কৰিছেঃ বিজেপি
নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। ভাৰতৰ গণতন্ত্ৰৰ অৱস্থাক লৈ কলম্বিয়াত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা মন্তব্যই আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশৰ ভাবমূৰ্তি কলংকিত কৰা বুলি অভিহিত কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ বক্তব্যক সমৰ্থন কৰাৰ
केसी वेणुगोपाल


নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। ভাৰতৰ গণতন্ত্ৰৰ অৱস্থাক লৈ কলম্বিয়াত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা মন্তব্যই আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশৰ ভাবমূৰ্তি কলংকিত কৰা বুলি অভিহিত কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ বক্তব্যক সমৰ্থন কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লৈছে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে আজি এক্স-পোষ্টত কয় যে বিজেপিৰ নিজৰ ব্যৰ্থতাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰাৰ অভ্যাস আছে, যাৰ ফলত ভাৰতে আন্তঃৰাষ্ট্ৰীয় লাজৰ সন্মুখীন হ’বলগীয়া হৈছে।

তেওঁ কয় যে কলম্বিয়াত বা কানপুৰত এই কথা কোৱা হওক, বাস্তৱ একেই। ভাৰত চৰকাৰে আমাৰ অৰ্থনীতিৰ বিশাল সম্ভাৱনাক ব্যৱহাৰ কৰাত ব্যৰ্থ হৈছে আৰু আমাৰ জনগাঁথনিগত লভ্যাংশ অপচয় কৰি আছে। আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ অপহৰণ এনে এটা গোচৰ যিয়ে আমাৰ বিশ্বজুৰি বদনাম কঢ়িয়াই আনিছে, আৰু ইয়াৰ বাবে বিজেপি দায়ী। তেওঁ কয় যে যদি বিজেপি সঁচা অৰ্থত চিন্তিত, তেন্তে তেওঁৰ বক্তব্যৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু ২০১৪ চনৰ পৰা তেওঁ উজ্জ্বল কৰি অহা অভাৱসমূহ দূৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে।

মন কৰিবলগীয়া যে ৰাহুল গান্ধীয়ে বৰ্তমান দক্ষিণ আমেৰিকাৰ চাৰিখন দেশ কলম্বিয়া, ব্ৰাজিল, পেৰু, চিলি ভ্ৰমণত আছে। এই ভ্ৰমণৰ সময়ত তেওঁ ৰাজনৈতিক নেতা, ছাত্ৰ-ছাত্ৰী, ব্যৱসায়িক নেতাসকলক সাক্ষাৎ কৰি আছে। বৰ্তমান তেওঁ পেৰুৰ ৰাজধানী লিমাত আছে, য’ত তেওঁক পৰম্পৰাগত নৃত্য আৰু সংগীতেৰে আদৰণি জনোৱা হয়।

কলম্বিয়াৰ মেডেলিনৰ ই আই এ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে, ভাৰত বৰ্তমান ইয়াৰ গণতান্ত্ৰিক গাঁথনিৰ ওপৰত সম্পূৰ্ণ আক্ৰমণৰ সন্মুখীন হৈছে, যিয়ে দেশখনৰ বাবে সৰ্বাধিক ভাবুকি কঢ়িয়াই আনিছে। ভাৰতত দুৰ্নীতি অতি কেন্দ্ৰীভূত হৈ পৰিছে, আৰু তিনি-চাৰিজন বৃহৎ ব্যৱসায়ীয়ে সমগ্ৰ অৰ্থনৈতিক গাঁথনি নিয়ন্ত্ৰণ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande