কাঠমাণ্ডুলৈ অহা-যোৱা কৰা দীৰ্ঘ দূৰত্বৰ ৰাজহুৱা পৰিবহণ সেৱা তিনিদিনৰ বাবে বন্ধ
কাঠমাণ্ডু, ০৪ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কাঠমাণ্ডুলৈ অহা-যোৱা কৰা যান-বাহনকে ধৰি দীৰ্ঘ দূৰত্বৰ ৰাজহুৱা পৰিবহণ সেৱাত তিনিদিনৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। শনিবাৰে কৰ্তৃপক্ষই এক বিবৃতিত কয় যে জলবিজ্ঞান আৰু বতৰ বিজ্ঞান ব
राष्ट्रीय आपदा प्रबंधन प्राधिकरण


কাঠমাণ্ডু, ০৪ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কাঠমাণ্ডুলৈ অহা-যোৱা কৰা যান-বাহনকে ধৰি দীৰ্ঘ দূৰত্বৰ ৰাজহুৱা পৰিবহণ সেৱাত তিনিদিনৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে।

শনিবাৰে কৰ্তৃপক্ষই এক বিবৃতিত কয় যে জলবিজ্ঞান আৰু বতৰ বিজ্ঞান বিভাগে সোমবাৰলৈকে প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাসৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শুকুৰবাৰে নিশাৰ পৰা হোৱা প্ৰবল বৰষুণৰ ফলত কাঠমাণ্ডুলৈ যোৱা সকলো ঘাইপথতে ব্যাপক ভূমিস্খলন হৈছে।

কৰ্তৃপক্ষই কয় যে, কোশী, মধেছ, বাগমাটি, গণ্ডাকি, আৰু লুম্বিনি প্ৰদেশৰ পৰা চলাচল কৰা সকলো দীৰ্ঘ দূৰত্বৰ বাহনৰ লগতে কাঠমাণ্ডু উপত্যকাত প্ৰৱেশ আৰু প্ৰস্থান কৰা বাহন ৪ অক্টোবৰৰ পৰা ৬ অক্টোবৰলৈ স্থগিত ৰখা হ'ব।

তদুপৰি নিজ নিজ জিলাৰ মুখ্য জিলা বিষয়া আৰু নিৰাপত্তা সংস্থাসমূহক নিলম্বন কাৰ্যকৰী কৰিবলৈ, নিৰ্দেশ মানি চলাটো নিশ্চিত কৰিবলৈ, আৰু কঠোৰ নিৰীক্ষণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande