গোৱালপাৰা, ০৪ অক্টোবৰ (হি.স.)। গোৱালপাৰাত আজি জনতাৰ গায়ক জুবিন গাৰ্গৰ বাবে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। অসমবাসীৰ গৌৰৱ, জনপ্ৰিয় গায়ক তথা অভিনেতা জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ লগতে বৈকুণ্ঠ প্ৰাপ্তিৰ বাবে জুবিন গাৰ্গ স্মৃতিৰক্ষা সমিতি, গোৱালপাৰাৰ উদ্যোগত সঙ্গম নাট্য গোষ্ঠীৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰে।
অনুষ্ঠানটোত পুৱা ৬ বজাত প্ৰভাত ফেৰী, তাৰ পিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ভাগৱত পাঠ, কোৰান পাঠ, বাইবেল পাঠ আদি ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ ১১.৩০ বজাৰ পৰা নাম প্ৰসংগ, প্ৰসাদ বিতৰণৰ লগতে সন্ধিয়া সময়ত সমূহীয়া বন্তি প্ৰজ্বলন আৰু জুবিনৰ দৃশ্য শ্ৰব্য প্ৰদৰ্শন অনুষ্ঠিত হ’ব।অনুষ্ঠানটোত বহুতো বিশিষ্ট ব্যক্তি,গোৱালপাৰাৰ বিভিন্ন সংগঠন আৰু জুবিন গাৰ্গৰ অনুৰাগী সকল উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ