Assam, 4 অক্টোবৰ (হি.স.)। অসমৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলী জনাবলৈ বিভিন্ন অনুষ্ঠান বৰ্তমানো অব্যাহত আছে। প্ৰিয় শিল্পী গৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি নাহৰকটীয়াত অনুষ্ঠিত হল সৰ্বধৰ্ম প্ৰাৰ্থনা সভা।
শনিবাৰে নাহৰকটীয়া ৰূপালী মঞ্চত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰাৰ্থনা সভাৰ। শ্ৰদ্ধাঞ্জলি আৰু প্ৰাৰ্থনাসভা অনুষ্ঠানত শংকৰী সমাজ,শিখ সমাজ,বৌদ্ধ সমাজ, ইছলাম সমাজ, মাৰোৱাৰী,বেংগলী সমাজ আদিৰ লোক উপস্থিত হৈ প্ৰয়াত শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে প্ৰিয় শিল্পী গৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা কৰে। লগতে প্ৰাৰ্থনাসভাৰ স্থলীৰ পৰাই সংগঠনটোৱে জুবিন দাৰ মৃত্যুৰ ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা