নাহৰকটীয়াত সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোক সকলে আয়োজন কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ
তিনিচুকিয়া, ০৪অক্টোবৰ (হি.স.)। অসমৰ অন্যতম জনগোষ্ঠীটোৰ ভিতৰত অন্যতম এটি জনগোষ্ঠী হৈছে সোণোৱাল কছাৰী জনগোষ্ঠী। সেই সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ লোক সকলে সম্পূৰ্ণ তেওঁলোকৰ নীতি নিয়মেৰে নাহৰকটীয়া চাচনী দীঘলী মঠাৱনী গাওঁত আয়োজন কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুব
নাহৰকটীয়াত সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোক সকলে আয়োজন কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ


তিনিচুকিয়া, ০৪অক্টোবৰ (হি.স.)। অসমৰ অন্যতম জনগোষ্ঠীটোৰ ভিতৰত অন্যতম এটি জনগোষ্ঠী হৈছে সোণোৱাল কছাৰী জনগোষ্ঠী। সেই সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ লোক সকলে সম্পূৰ্ণ তেওঁলোকৰ নীতি নিয়মেৰে নাহৰকটীয়া চাচনী দীঘলী মঠাৱনী গাওঁত আয়োজন কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ।

পুৱা শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ পিছতেই ভাগৱত পাঠ আৰু নাম প্ৰসঙ্গ আয়োজন কৰাৰ লগতে গায়ন বায়ন প্ৰদৰ্শন কৰি শিল্পী গৰাকীৰ আত্মাৰ সদগতি অৰ্থে প্ৰাৰ্থনা কৰা হয়। ইফালে আদ্যশ্ৰাদ্ধৰ স্থলিৰ পৰাই জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত সকলক আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande