গুৱাহাটী, ০৪ অক্টোবৰ (হি.স.)। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আজিও অসমবাসীৰ হৃদয় শোকদগ্ধ হৈ আছে। প্ৰতিজন অসমীয়াই জুবিন গাৰ্গৰ গীত, কথা, কৰ্মৰ অনুৰণন অন্তৰত অনুভৱ কৰে। তেওঁৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ উৎসুকতাৰ সৃষ্টি হৈছে।
ইফালে, আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপৰ লক্ষীধৰ বৰা ক্ষেত্ৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে অসম গণ পৰিষদৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সাহিত্য, সাংস্কৃতিক জগতৰ বৰেণ্য ব্যক্তি, সমাজৰ বিশিষ্ট ব্যক্তি, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা অসম গণ পৰিষদৰ সদস্য-সদস্যা, বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যক্তিসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু মৰমৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।
এই অনুষ্ঠানত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, জ্যেষ্ঠ শিল্পী সমৰ হাজৰিকা, জে পি দাস, উপকুল বৰদলৈ, ডাঃ অঞ্জনজ্যোতি চৌধুৰী, সন্ধ্যা মেনন, মালবিকা বৰা, অতুল পাচনী, অনুপম শইকীয়া, জীনা ৰাজকুমাৰী, বৰ্ণালী কলিতা, ৰূপম ভূঞা, ৰঞ্জিত গগৈ, সংগীতা কাকতি, সদানন্দ গগৈ, পদ্মনাভ বৰদলৈ, চন্দন দাস, ৰাজশ্ৰী ফুকন, প্ৰণামিকা গোস্বামী, কোমালিকা কাশ্যপ, সন্তনা কলিতা, ভাস্বতী ভাৰতী, অধিবক্তা নেকিবুৰ জামান, পেৰাচাইকেল আৰোহী ৰাকেশ বানিক আৰু অসম জাতীয় বিদ্যালয়ৰ সচিব ড° নাৰায়ণ শৰ্মাৰ লগতে বহু শিল্পী আৰু অনুৰাগীসকল।
সদৌ অসম উকীল সন্থা, টাই আহোম ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, টাই আহোম সাহিত্য সভা, সদৌ অসম চাকমা সন্থা, শৰৎ সিং ট্ৰাষ্ট, গুৱাহাটী বেপ্টিষ্ট চাৰ্চ, সদৌ অসম চলচ্চিত্ৰ প্ৰযোজক সন্থা, গুৱাহাটী উকীল সন্থা, চাহ জনজাতি সাহিত্য সভা, সদৌ অসম গৰিয়া মৰিয়া দেশী পৰিষদ, গুৱাহাটী বিহু সন্মিলন সমিতি, বিভিন্ন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্থা, বিভিন্ন ধৰ্ম আৰু জাতীয় সংগঠন, ৰাজনৈতিক আৰু অৰাজনৈতিক দলসমূহে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
স্মৃতিচাৰণ সভাত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়, য'ত জুবিন গাৰ্গক অশ্ৰুসিক্ত চকুৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে দিহা নাম আৰু নাগাৰা নামেৰে সন্মানিত কৰা হয়।
আনহাতে, অসম গণ পৰিষদ দলে অহা ১৪ অক্টোবৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱস উদযাপন আৰু ১৩ অক্টোবৰত গুৱাহাটীত পৰিকল্পিত ৰাজনৈতিক সন্মিলন জুবিন গাৰ্গৰ মৃত্যুৰ বাবে স্থগিত ৰাখিছে । আজি অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই তথ্য প্ৰদান কৰে সভাপতি অতুল বৰাই। তেওঁ উল্লেখ কৰে যে ১৪ অক্টোবৰত প্ৰতিষ্ঠা দিৱস উদযাপন নিৰ্ধাৰিত অনুসৰি অগপৰ মুখ্য কাৰ্যালয় আৰু অন্যান্য জিলা আৰু অঞ্চলত অনুষ্ঠিত হ’ব আৰু এই সুযোগতে জুবিন গাৰ্গক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া