মৰিগাঁও, ০৪ অক্টোবৰ (হি.স.)। মৰিগাঁও জিলাৰ মায়ঙৰ কুছিয়ানিত এগৰাকী কিশোৰী সন্ধানহীন হৈ পৰিছে। মায়ঙৰ কুছিয়ানিত যোৱা কালি শুকুৰবাৰৰ সন্ধিয়াৰ পৰা কিশোৰী এগৰাকী সন্ধানহীন হৈ আছে। এই পৰ্যন্ত কোনো সন্ধান নোপোৱা কিশোৰী গৰাকীৰ নাম মমিনা খাতুন বুলি জানিব পৰা গৈছে।
উল্লেখ্য় যে বৰদিয়া জি এন বি মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীত অধ্য়ায়ণ কৰি আছে ছাত্ৰী মমিনাই। ইফালে পকৰীয়া নৈৰ পাৰত মমিনাৰ দুপাত চেণ্ডেল উদ্ধাৰ কৰা হৈছে। এই ক্ষেত্ৰত কিশোৰীগৰাকীয়ে নৈত জপিয়াই দিয়াৰ সন্দেহ কৰিছে পৰিয়ালৰ লোক সকলে। ইয়াকে লৈ পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। জানিব পৰামতে, মফিদুল ইছলাম নামৰ লোকজনৰ কন্যা মমিনা খাতুন। কিশোৰী গৰাকীৰ সন্ধানত ইতিমধ্য়ে নৈ খনত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা