নগাঁও, ০৪ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ ৰহাত কলং নদীত মৰণ জাঁপ দিয়ে এজন লোকে ৷ ৰহা নতুন দলঙৰ পৰা কলঙত জপিয়াই আত্মহত্যা কৰিছে লোকজনে ৷ যোৱা কালি শুক্ৰবাৰে বিয়লি সংঘটিত হৈছে এই কাণ্ড৷ লোকজন ৰহাৰ খলিহামাৰীৰ নয়নজ্যোতি নাথ (চুনা, ৪৫) বুলি জানিব পৰা গৈছে৷
ইফালে দলঙৰ ওপৰত উদ্ধাৰ কৰা হৈছে লোকজনৰ বেগ, হেলমেট আৰু চেন্দেল ৷ জানিব পৰামতে, লোকজনে পৰিয়ালসহ ৰহাৰ এটা ভাড়া ঘৰত থাকি তামোল-পাণৰ দোকান দি আছিল ৷ অৱশ্য়ে কি কাৰণে লোকজনে এনেদৰে কলঙত মৰণ জাঁপ দিলে সেই কথা জানিব পৰা হোৱা নাই ৷ ইফালে নদীত নিখোজ হৈ পৰা লোকজনৰ সন্ধানত এছডিআৰএফ বাহিনীয়ে কলঙত অভিযান অব্যাহত ৰাখিছে ৷ লোকজনৰ নিখোজ হোৱাৰ পিছৰে পৰাই পৰিয়ালটোৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ