হোজাই মিলিকবস্তিত গাতত আবদ্ধ এটা হাতী পোৱালী
হোজাই, ০৪ অক্টোবৰ (হি.স.)। হোজাইৰ মিলিকবস্তিত গাতত আবদ্ধ এটা হাতী পোৱালী। পোৱালী হাতীটোক উদ্ধাৰৰ বাৱে মাকে চলাইছে আপ্ৰাণ চেষ্টা। গাতত আৱদ্ধ হৈ পৰা হাতী পোৱালিটোক মোকলাই নিয়াৰ বাবে মাতৃ হাতীটোৱে চিতকাৰ কৰি আছে তথা অপ্ৰাণ চেষ্টা কৰিছে যদিও পৰা নাই।
হোজাই মিলিকবস্তিত গাতত আবদ্ধ এটা হাতী পোৱালী


হোজাই, ০৪ অক্টোবৰ (হি.স.)। হোজাইৰ মিলিকবস্তিত গাতত আবদ্ধ এটা হাতী পোৱালী। পোৱালী হাতীটোক উদ্ধাৰৰ বাৱে মাকে চলাইছে আপ্ৰাণ চেষ্টা। গাতত আৱদ্ধ হৈ পৰা হাতী পোৱালিটোক মোকলাই নিয়াৰ বাবে মাতৃ হাতীটোৱে চিতকাৰ কৰি আছে তথা অপ্ৰাণ চেষ্টা কৰিছে যদিও পৰা নাই। হাতীটোৱে পোৱালিটোৰ কাষলৈ অহা লোকসকলক চিয়ৰি তথা চোচালৈ খেদি পঠিয়াই নিজ পোৱালিটোক নিৰাপত্তা দিছে।

মিলিকবস্তিৰ ৰাজপথত হাতীটোৱে খেদিলে কেইবা শতাধিক ৰাইজক। ইফালে এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিতি হৈ জেচিবি আনি হাতী পোৱালীটোক উদ্ধাৰ কৰাৰ পিছত শান্ত হয় মাক হাতীটো। উল্লেখযোগ্য যোৱা কিছুদিন ধৰি বন্যহস্তীৰ জাকে মিলিকবস্তি অঞ্চলত চলাইছে মুক্ত বিচৰণ। খাদ্যৰ সন্ধানত এনেদৰে অঞ্চলটোলৈ হাতীৰ জাকৰ আগমণ ঘটে আৰু ইয়াৰ মাজতেই এটা পোৱালি হাতীয়ে এনেদৰে গাতত পৰি আৱদ্ধ হৈ পৰে। পোৱালি হাতীটো উদ্ধাৰ হোৱাৰ পিছত হাতীৰ জাকটো সেই ঠাইৰ পৰা আতৰি যোৱা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande