সুভা, ০৪ অক্টোবৰ (হি.স.)। ফিজিত বিশ্ব হিন্দু পৰিষদে পঞ্চম ৰাষ্ট্ৰীয় হিন্দু সন্মিলনৰ সফলতাৰে আয়োজন কৰে। এই সন্মিলনত ভাৰতৰ ৰাষ্ট্ৰদূত সুনীল মেহতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
শেহতীয়াকৈ ৰেৱা প্ৰদেশৰ লামিৰ হাৰ্বাৰ পইণ্ট কনভেনচন চেণ্টাৰত অনুষ্ঠিত এই সন্মিলনত শক্তিশালী ফিজিৰ ধাৰণাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। এই সন্মিলনত পৰিষদৰ ফিজি ইউনিটৰ ৰাষ্ট্ৰীয় মুৰব্বী জয় দয়াল আৰু বিশ্ব হিন্দু মহাসংঘৰ মুৰব্বী স্বামী বিজ্ঞাননন্দই দেশৰ হিন্দু সম্প্ৰদায়ক সম্প্ৰদায়টোৰ ভিতৰত ঐক্য, সহযোগিতা, সাংস্কৃতিক অংশীদাৰিত্ব শক্তিশালী কৰিবলৈ আহ্বান জনায়।
মুখ্য অতিথি হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে ফিজিৰ উন্নয়নত ভাৰতীয় সম্প্ৰদায়ৰ অৱদানৰ প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে দেশৰ সামাজিক, সাংস্কৃতিক, আৰু অৰ্থনৈতিক উন্নয়নত হিন্দুসকলে যথেষ্ট অৰিহণা যোগাইছে। এই অনুষ্ঠানৰ সময়ত তেওঁক সম্বৰ্ধনাও কৰা হয়। সন্মিলনৰ মূল আকৰ্ষণ আছিল হিন্দু সংগঠনৰ মন্দিৰ আৰু সংঘ মঞ্চ গঠন।
हिन्दुस्थान समाचार / অৰৱিন্দ