বিশ্বনাথত মহিলা উদ্যমিতা আঁচনিৰ ৩৭,৮০৪ গৰাকী মহিলা হিতাধিকাৰীক চেক বিতৰণৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী
বিশ্বনাথ, ০৪ অক্টোবৰ (হি.স.)। বিশ্বনাথ জিলাৰ বিশ্বনাথ সমষ্টিত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰী গৰাকীয়ে মহিলা উদ্যমিতা আঁচনিৰ অংশ হিচাপে বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত সৰ্বমুঠ ৩৭,৮০৪ গৰাকী মহিলা হিতাধিকাৰীক ১০
বিশ্বনাথত মহিলা উদ্যমিতা আঁচনিৰ ৩৭,৮০৪ গৰাকী মহিলা হিতাধিকাৰীক চেক বিতৰণৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী


বিশ্বনাথ, ০৪ অক্টোবৰ (হি.স.)। বিশ্বনাথ জিলাৰ বিশ্বনাথ সমষ্টিত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰী গৰাকীয়ে মহিলা উদ্যমিতা আঁচনিৰ অংশ হিচাপে বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত সৰ্বমুঠ ৩৭,৮০৪ গৰাকী মহিলা হিতাধিকাৰীক ১০ হাজাৰ টকাৰ উদ্যমিতা পুঁজি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ।

অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী অশোক সিংঘাল, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা, পৃথ্বীৰাজ ৰাভা, অমিয় কুমাৰ ভূঞা, দিগন্ত ঘাটোৱাল, জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস প্ৰমুখ্যে বহু গন্য মান্য ব্যক্তি সকলে । অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, অসমৰ ৪০ লাখ আত্মসহায়ক গোটৰ ৮ লাখ মহিলা লাখপতি হ'বলৈ সক্ষম হৈছে । অসমৰ বেংক সমূহৰ পৰা ঋণ লোৱা ৯৯ শতাংশ আত্মসহায়ক গোটৰ মহিলাই বেংকৰ ঋণ ঘূৰাই দিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande