আজি নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদী
নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় আৰ্য সন্মিলনত অংশগ্ৰহণ কৰিব । লগতে তেওঁ সমাৱেশত ভাষণ দিব। প্ৰধানমন্ত্ৰী কাৰ্যালয় (পিএমঅ’)ৰ তথ্য অনুসৰি ভাৰত আৰু বিদেশৰ পৰা
भारतीय जनता पार्टी ने प्रधानमंत्री नरेन्द्र मोदी के कार्यक्रम को एक्स पर साझा किया है।


নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় আৰ্য সন্মিলনত অংশগ্ৰহণ কৰিব । লগতে তেওঁ সমাৱেশত ভাষণ দিব। প্ৰধানমন্ত্ৰী কাৰ্যালয় (পিএমঅ’)ৰ তথ্য অনুসৰি ভাৰত আৰু বিদেশৰ পৰা আৰ্য সমাজৰ বিভিন্ন শাখাৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টিয়েও টুইটাৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সূচী শ্বেয়াৰ কৰিছে।

বিজেপিৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে আন্তৰ্জাতিক আৰ্য সন্মিলনত বিয়লি ৩ বজাত অংশগ্ৰহণ কৰিব। ৰোহিনীৰ দশম খণ্ডৰ স্বৰ্ণ জয়ন্তী উদ্যানত অনুষ্ঠিত হ’ব এই সন্মিলন। পিএমঅ'ৰ মতে, এই অনুষ্ঠানত ১৫০ সোণালী বছৰ সেৱা (১৫০ গোল্ডেন ইয়াৰ্চ অৱ চাৰ্ভিচ) শীৰ্ষক প্ৰদৰ্শনীও অনুষ্ঠিত হ'ব, য'ত শিক্ষা, সমাজ সংস্কাৰ, আৰু আধ্যাত্মিক প্ৰগতিৰ ক্ষেত্ৰত আৰ্য সমাজৰ অৱদান প্ৰদৰ্শিত হ'ব।

মহৰ্ষি দয়ানন্দ সৰস্বতীৰ সংস্কাৰবাদী আৰু শৈক্ষিক উত্তৰাধিকাৰক সন্মান জনোৱাৰ লক্ষ্যৰে এই সন্মিলন অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও আৰ্য সমাজৰ ১৫০ বছৰীয়া সেৱাৰ উদযাপন আৰু বৈদিক নীতি আৰু থলুৱা মূল্যবোধৰ বিষয়ে সজাগতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে।

উল্লেখযোগ্য যে এই সন্মিলন জ্ঞান জ্যোতি মহোৎসৱৰ অংশ। মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জন্ম জয়ন্তী আৰু আৰ্য সমাজৰ ১৫০ বছৰীয়া সমাজসেৱা সম্পূৰ্ণ হোৱাৰ স্মৃতিত এই মহোৎসৱৰ আয়োজন কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande