
নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। কেৰালাৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী মেনুৱেল ফ্ৰেডেৰিকছৰ শুকুৰবাৰে বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মৃত্যু হয়। তেওঁৰ বয়স আছিল ৭৮ বছৰ।
১৯৭২ চনৰ মিউনিখ অলিম্পিকত নেদাৰলেণ্ডক পৰাস্ত কৰি ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰাৰ সময়ত ভাৰতীয় হকী দলৰ গ’লৰক্ষক আছিল ফ্ৰেডেৰিকছ।
১৯৭৮ চনত আৰ্জেণ্টিনাত অনুষ্ঠিত হকী বিশ্বকাপতো ভাৰতীয় দলৰ হৈ খেলিছিল।
কান্নুৰ জিলাৰ বানাছেৰীৰ বাসিন্দা ফ্ৰেডেৰিকছক ক্ৰীড়ালৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৯ চনত ধ্যানচান্দ বঁটাৰে সন্মানিত কৰা হৈছিল। ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ ১৬খন ফাইনেলত টাই ব্ৰেকত সফলতাৰে ডিফেণ্ড কৰাৰ অভিলেখ তেওঁৰ হাতত আছে।
কান্নুৰৰ বি ই এম স্কুলত স্কুলীয়া দিনত ফুটবল ষ্ট্ৰাইকাৰ হিচাপে ক্ৰীড়া জীৱন আৰম্ভ কৰিছিল। পিছলৈ ছেইণ্ট মাইকেল স্কুলত পঢ়ি থকাৰ সময়তে তেওঁ গ’লৰক্ষক হিচাপে হকী খেলিবলৈ আৰম্ভ কৰে। মাত্ৰ ১৭ বছৰ বয়সতে তেওঁ মুম্বাই হকী এছ’চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত বম্বে গোল্ড কাপত অংশ লৈছিল। অতি সোনকালেই তেওঁ ৰাষ্ট্ৰীয় দলৰ বাবে নিৰ্বাচিত হয় আৰু ১৯৭১ চনত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলে।
তেওঁৰ পৰিয়ালত আছে দুগৰাকী কন্যা – ফ্ৰেচিনা প্ৰবীণ আৰু ফেনিলা টিনু থমাছ।
মেনুৱেল ফ্ৰেডেৰিক বিয়োগৰ লগে লগে ভাৰতীয় ক্ৰীড়াই এজন সঁচা অৰ্থত নিষ্ঠাবান খেলুৱৈক হেৰুৱাইছে। হকী সমাজ আৰু তেওঁৰ অনুৰাগীসকলে তেওঁক সদায় মনত ৰাখিব তেওঁৰ ক্ৰীড়া দক্ষতা, নিষ্ঠা, আৰু দেশৰ প্ৰতি অৱদানৰ বাবে।
हिन्दुस्थान समाचार / অৰৱিন্দ