ক্ৰিষ্টিয়ান ক্লাৰ্ক নিউজিলেণ্ডৰ এদিনীয়া দলত প্ৰথমবাৰলৈ চামিল, আঘাতপ্ৰাপ্ত হেনৰী বাহিৰ
ৱেলিংটন, ৩১ অক্টোবৰ (হি.স.)। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় আৰু অন্তিমখন এদিনীয়া খেলৰ পূৰ্বে নিউজিলেণ্ডৰ দলটোক পুনৰ গঠন কৰা হৈছে। নৰ্দাৰ্ণ ডিষ্ট্ৰিক্টৰ অলৰাউণ্ডাৰ ক্ৰিষ্টিয়ান ক্লাৰ্কক প্ৰথমবাৰৰ বাবে এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে। বাওঁ মাংসপেশীৰ আঘা
नॉर्दर्न डिस्ट्रिक्ट्स के ऑलराउंडर क्रिस्टियन क्लार्क गेंदबाजी करते हुए


ৱেলিংটন, ৩১ অক্টোবৰ (হি.স.)। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় আৰু অন্তিমখন এদিনীয়া খেলৰ পূৰ্বে নিউজিলেণ্ডৰ দলটোক পুনৰ গঠন কৰা হৈছে। নৰ্দাৰ্ণ ডিষ্ট্ৰিক্টৰ অলৰাউণ্ডাৰ ক্ৰিষ্টিয়ান ক্লাৰ্কক প্ৰথমবাৰৰ বাবে এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে। বাওঁ মাংসপেশীৰ আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হোৱা আঘাতপ্ৰাপ্ত মেট হেনৰীৰ ঠাইত তেওঁ স্থান লাভ কৰে।

হেমিল্টনত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়া খেলৰ সময়ত মেট হেনৰীয়ে এই আঘাতৰ সন্মুখীন হৈছিল আৰু শুকুৰবাৰে (৩১ অক্টোবৰ) ক্ৰাইষ্টচাৰ্চলৈ উভতি আহিব।

শেহতীয়াকৈ ঘৰুৱা ক্ৰিকেটত ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়াইছে ২৪ বছৰীয়া ক্লাৰ্কে। ফৰ্ড ট্ৰফীত নৰ্দাৰ্ণ ডিষ্ট্ৰিক্টৰ হৈ খেলি তেওঁ নিজৰ প্ৰথম লিষ্ট এ শতক অৰ্জন কৰি ৫৭ ৰানত তিনিটা উইকেট দখল কৰি নিজৰ দলটোক চেণ্ট্ৰেল ষ্টেগছক পৰাস্ত কৰাত সহায় কৰে।

২০২০ চনৰ ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপত নিউজিলেণ্ড দলৰ অংশ হিচাপে ক্লাৰ্কে নিজৰ অল ৰাউণ্ড দক্ষতাৰে আপ্লুত কৰিছিল। ২০২২ চনৰ পৰা নৰ্দাৰ্ন ডিষ্ট্ৰিক্টৰ হৈ সকলো ফৰ্মেটতে খেলি অহাৰ লগতে চলিত বৰ্ষৰ আৰম্ভণিতে নিউজিলেণ্ড এ দলৰ সৈতে বাংলাদেশ ভ্ৰমণো কৰিছিল।

हिन्दुस्थान समाचार


 rajesh pande