
গুৱাহাটী, ৩১ অক্টোবৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
চৰ্দাৰ পেটেলৰ অদম্য ইচ্ছাশক্তি আৰু নিপুণ নেতৃত্বই ৰাজকীয় ৰাজ্যসমূহক একত্ৰিত কৰি এক সংহত ভাৰতৰ ভেটি স্থাপন কৰিছিল বুলি ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁৰ দৃষ্টিভংগী আজি এক ভাৰত, মহান ভাৰতৰ মনোভাৱেৰে প্ৰতিফলিত হৈছে।
মুখ্যমন্ত্ৰীয়ে কয় যে চৰ্দাৰ পেটেলৰ অৱদানে ভাৰতীয়সকলক ঐক্য আৰু অখণ্ডতাৰ পথত আগবাঢ়ি যাবলৈ সদায় অনুপ্ৰাণিত কৰিব।
উল্লেখ্য যে ১৮৭৫ চনৰ ৩১ অক্টোবৰত জন্মলাভ কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী ভাৰতত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় । চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। তেওঁ সকলো ৰাজ্যক একত্ৰিত কৰি এখন দেশত পৰিণত কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ৩১ অক্টোবৰ দিনটোক ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে ঘোষণা কৰিছিল আৰু 'একতাৰ বাবে দৌৰ' শীৰ্ষক মাৰাথন দৌৰৰ আয়োজন কৰিছিল ।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী