
নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে খেলপথাৰত নামিব। তেওঁ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত দুখনকৈ বৃহৎ সভা অনুষ্ঠিত কৰিব। প্ৰথমে নড্ডাই পাটনা জিলাৰ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পিছতে এখন ৰাজহুৱা সভা অনুষ্ঠিত হ’ব। আজি বিহাৰত ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ ৰাজহুৱা অনুষ্ঠানৰ সবিশেষ এক্সত শ্বেয়াৰ কৰিছে বিজেপিয়ে।
বিজেপিৰ এক্স হেণ্ডেলত উপলব্ধ সবিশেষ অনুসৰি বিজেপি নেতা তথা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নড্ডা দিনৰ ১২:৪০ বজাত পাটনাৰ পেটেল গোলাম্বৰত উপস্থিত হ’ব। চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীত তেখেতৰ প্ৰতিমূৰ্তিৰ প্ৰতি পুষ্প শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পিছতে নড্ডাই বিয়লি ২ বজাত বাক্সাৰ জিলাৰ ব্ৰহ্মপুৰত এখন ৰাজহুৱা সভাত ভাষণ দিব। দুঘণ্টাৰ পাছত বিয়লি ৪ বজাত পাটনা জিলালৈ উভতি আহিব ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা। তেওঁ বিক্ৰমৰ পাৰ্বতী হাইস্কুল ক্ৰীড়া খেলপথাৰত এখন বৃহৎ ৰাজহুৱা সভাত ভাষণ দিব।
বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবেও নড্ডাই প্ৰচাৰ চলাইছে, ভোটাৰক কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰকৃত চৰিত্ৰৰ বিষয়ে অৱগত কৰিছে। কালি তেওঁ কয়, এই আৰজেডি ৰাষ্ট্ৰীয় জনতা দল নহয়। ই (আৰ) ধন দাবী, (জে) জংঘল ৰাজ, আৰু (ডি) দাদাগিৰিৰ দল। গুণ্ডাগিৰি, জংঘলৰাজ বিয়পোৱা, অপহৰণক উদ্যোগ কৰা আদি তেওঁলোকৰ ডি এন এত আছে। নড্ডাই লগতে কয়, কংগ্ৰেছ আৰু আৰজেডিয়ে আপোনালোকৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। লালু নিজৰ পুত্ৰক মুখ্যমন্ত্ৰী বনোৱাত ব্যস্ত। ছোনিয়া গান্ধীয়ে পুত্ৰ ৰাহুলক প্ৰধানমন্ত্ৰী বনোৱাত ব্যস্ত। তেওঁলোকে কেৱল নিজৰ পৰিয়ালৰ কথাহে চিন্তা কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ