
শেহতীয়াকৈ বলীউডৰ গ্লেমাৰাছ অভিনেত্ৰী অনন্যা পাণ্ডেই ২৭ সংখ্যক জন্মদিন উদযাপন কৰি এতিয়া এক ধেমেলীয়া ভিডিঅ’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’টোত অনন্যাক তেওঁৰ কথিত সহ অভিনেতা কাৰ্তিক আৰ্যনৰ সৈতে দেখা গৈছে। অতি সোনকালে দুয়োকে একেলগে দেখা যাব ‘তু মেৰী মে তেৰা, মে তেৰা তু মেৰী’ ছবিত। কথা-বতৰাৰ সময়ত অনন্যাৰ এক বক্তব্যই ধেমালিতে নিজকে ‘ভূল ভুলীয়ায়া ৪’ৰ নতুন মঞ্জুলিকা বুলি উল্লেখ কৰে।
ভিডিঅ’টোত দেখা গৈছে দুয়োৰে মাজত এক মৰমলগা ঠাট্টা-মস্কৰা। অনন্যাই ধেমালিতে কয় যে কাৰ্তিক নিজৰ ছবিৰ পৰা তাইৰ গানটো কাটিবলৈ চেষ্টা কৰিছে। এই কথা শুনি কাৰ্তিক হাঁহি হাঁহি উত্তৰ দিয়ে, তোমাৰ গান? মই তাত নাই নেকি? যাৰ উত্তৰত অনন্যাই লগে লগে কয়, আমাৰ গীত। লঘু হাঁহি এটাই বতাহ ভৰি পেলায়, তাৰ পিছত অনন্যাই হঠাতে কয়, অৱশ্যে, মই 'ভূল ভুলীয়ায়া ৪'ৰ নতুন মঞ্জুলিকা হ'ম। কাৰ্তিক হাঁহি এটা মাৰি কয়, সঁচাকৈয়ে? এইটো এটা ডাঙৰ খবৰ। তেওঁলোকৰ হাস্যৰসময়ী আদান-প্ৰদান অনুৰাগীক উত্তেজিত কৰিছে। ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত আলোচনা আৰম্ভ হ’ল। বহু ব্যৱহাৰকাৰীয়ে ইয়াক ইংগিত হিচাপে লৈছে যে অনন্যা আচলতে ফ্ৰেঞ্চাইজিৰ পৰৱৰ্তী কিস্তিত দেখা দিব পাৰে।
'ভূল ভুলাইয়া' শৃংখলাৰ যাত্ৰা-
২০০৭ চনত আত্মপ্ৰকাশ কৰা ‘ভূল ভুলীয়ায়া’ ফ্ৰেঞ্চাইজিত অক্ষয় কুমাৰ আৰু বিদ্যা বালানে অভিনয় কৰিছিল। ইয়াৰ পিছত পৰিচালক আনীছ বাজমীয়ে ২০২২ চনত কাৰ্তিক আৰ্যন আৰু কিয়াৰা আদৱানীয়ে অভিনয় কৰা ‘ভূল ভুলীয়ায়া ২’ৰ জৰিয়তে নতুন প্ৰজন্মৰ বাবে কাহিনীটোক পুনৰ সজীৱ কৰি তুলিছিল। ২০২৪ চনত মুক্তি পোৱা তৃতীয় কিস্তিত কাৰ্তিকৰ বিপৰীতে অভিনয় কৰিছিল তৃপ্তী ডিমৰীয়ে। যদিও ভূল ভুলাইয়া ৪ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই, তথাপিও চলি থকা চৰ্চাই স্পষ্টভাৱে দেখুৱাইছে যে দৰ্শকসকল এই ফ্ৰেঞ্চাইজিক লৈ অত্যন্ত উৎসাহিত। অনন্যা পাণ্ডেৰ মঞ্জুলিকাৰ ইংগিত যদি সঁচা হয়, তেন্তে এই যুটিয়ে আকৌ এবাৰ ডাঙৰ পৰ্দাত চাঞ্চল্যৰ সৃষ্টি কৰিব পাৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ