
ওদালগুৰি, ৩০ অক্টোবৰ (হি.স.): আজি ২৩ সংখ্যক ওদালগুৰি জিলা দিৱস । ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত ওদালগুৰি আয়ুক্ত কাৰ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে জিলা দিৱসটি।
জিলা দিৱসৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিটিচিৰ বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে। ওদালগুৰি চহৰৰ বিষ্ণু ৰাভা কৃষ্টি সংঘৰ প্ৰাঙ্গনত পৰা আৰম্ভ হোৱা শোভাযাত্ৰা যাত্ৰাৰ আয়ুক্ত কাৰ্যালয়ত সামৰণি পৰে। সাংস্কৃতিক শোভাযাত্ৰাত ওদালগুৰি সদৰৰ শিক্ষা অনুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
উল্লেখ্য় যে ২০০৩ চনৰ ৩০ অক্টোবৰত এক চৰকাৰী নিৰ্দেশনাৰ জৰিয়তে জন্ম হোৱা অসমৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ অন্যতম জিলা ওদালগুৰিয়ে ২২ বছৰ সম্পূৰ্ণ কৰিলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ