নগাঁৱত শৌচাগাৰৰ টেংকি নিৰ্মাণ কৰিবলৈ গৈ নিহত দুজন
নগাঁও, ৩০ অক্টোবৰ(হি.স.)। নগাঁৱৰ বঢ়মপুৰত এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। নিৰ্মীয়মান শৌচাগাৰৰ টেংকিত কৰ্মৰত এগৰাকী পকী মিস্ত্ৰী মৃত্যু মুখত পৰে। পকী মিস্ত্ৰী গৰাকী ঢলি পৰা দেখি তেওঁক উদ্ধাৰ কৰিবলৈ গৈ নিৰ্মীয়মান ঘৰটোৰ স্বত্বাধিকাৰ মন্টু বৰদলৈৰো মৃত্যু হ
নগাঁৱত শৌচাগাৰৰ টেংকি নিৰ্মাণ কৰিবলৈ গৈ নিহত দুজন


নগাঁও, ৩০ অক্টোবৰ(হি.স.)। নগাঁৱৰ বঢ়মপুৰত এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। নিৰ্মীয়মান শৌচাগাৰৰ টেংকিত কৰ্মৰত এগৰাকী পকী মিস্ত্ৰী মৃত্যু মুখত পৰে। পকী মিস্ত্ৰী গৰাকী ঢলি পৰা দেখি তেওঁক উদ্ধাৰ কৰিবলৈ গৈ নিৰ্মীয়মান ঘৰটোৰ স্বত্বাধিকাৰ মন্টু বৰদলৈৰো মৃত্যু হয় ।

নিহত মন্টু বৰদলৈ অসম আৰক্ষীৰ সহ পৰিদৰ্শকৰ চাকৰিত কৰ্মৰত হৈ আছিল। মন্টু বৰদলৈৰ বয়স ৪০ বছৰ আৰু ভাইটি নামৰ পকী মিস্ত্ৰী গৰাকীৰ অনুমানিক বয়স ৩৫ বছৰ । দুয়ো জনকে টেংকিৰ ভিতৰত নিথৰ হৈ পৰি থকা দেখি ওচৰ পাজৰে থকা আন লোকে হৈ চৈ লগায় আৰু নগাঁও আৰক্ষীক খবৰ দিয়ে। ঘটনাটো সংঘটিত হয় বঢ়মপুৰৰ বৰটোপ নামৰ অঞ্চলটোত।

ঘটনাস্থলীত নগাওঁ আৰক্ষী উপস্থিত হয় মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে । নিৰ্মিয়মান টেংকিটোৰ পৰা বিষাক্ত গেছ নিৰ্গত হৈ লোক দুজনৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande