গৌৰীপুৰত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুজন সৰবৰাহকাৰী
ধুবুৰী, ৩০ অক্টোবৰ (হি.স.)। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক হৈছে দুজন সৰবৰাহকাৰী। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্যৰ ভিত্তিত আলমগঞ্জ কলেজ ৰোডৰ সমীপত গৌৰীপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এই অভিযানত সফলতা লা
গৌৰীপুৰত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুজন সৰবৰাহকাৰী


ধুবুৰী, ৩০ অক্টোবৰ (হি.স.)। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক হৈছে দুজন সৰবৰাহকাৰী। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্যৰ ভিত্তিত আলমগঞ্জ কলেজ ৰোডৰ সমীপত গৌৰীপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এই অভিযানত সফলতা লাভ কৰে। চাৰি চকীয়া বাহনেৰে ড্ৰাগছ সৰবৰাহ কৰাৰ সময়ত পুৱতি নিশা আৰক্ষীৰ অভিযান চলে।

বাহন খনৰ পৰা ১১টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকছ জব্দ কৰা হৈছে।সৰবৰাহকাৰী দুজনক আলমগঞ্জ ১ম খণ্ড গাঁৱৰ স্বহীদুৰ ৰহমান আৰু নুৰ মহম্মদ বুলি চিনাক্ত কৰা হৈছে।

ড্ৰাগছ সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা বাহন খনৰ নম্বৰ এএছ ০১ জিএল ১২৭৮ বুলি জনা গৈছে। আৰক্ষীয়ে ড্ৰাগছ সহ বাহন খন জব্দ কৰি অধিক তথ্যৰ বাবে সৰবৰাহকাৰী দুজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে।

ইয়াৰ পুৰ্বেও ভাৰত বাংলাদেশ সীমান্তবৰ্তী অঞ্চলটোত ড্ৰাগছৰ বৃহৎ ভাণ্ডাৰ জব্দ কৰা হৈছিল। আৰক্ষীৰ চোকা পহৰাৰ মাজতো দীৰ্ঘ দিনৰ পৰা অঞ্চলটোত ড্ৰাগছ আৰু চোৰাং গৰুৰ ৰমৰমীয়া ব্য়ৱসায় অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande