নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত নাৰিকুছীত এগৰাকী কিশোৰীৰ সলিল সমাধি
কামৰূপ, ৩০ অক্টোবৰ (হি.স.)। ৰঙিয়াৰ সমীপৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত নাৰিকুছীত অঘটন । এগৰাকী কিশোৰীৰ সলিল সমাধি । দিনৰ ভাগত নোনা নৈত গা ধুবলৈ গৈ কিশোৰী গৰাকীৰ সলিল সমাধি ঘটে । নিহত কিশোৰী গৰাকী হৈছে টিনা বেগম । ১২ বছৰীয়া কিশোৰীজনীয়ে দুই
নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত নাৰিকুছীত এগৰাকী কিশোৰীৰ সলিল সমাধি


কামৰূপ, ৩০ অক্টোবৰ (হি.স.)। ৰঙিয়াৰ সমীপৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত নাৰিকুছীত অঘটন । এগৰাকী কিশোৰীৰ সলিল সমাধি । দিনৰ ভাগত নোনা নৈত গা ধুবলৈ গৈ কিশোৰী গৰাকীৰ সলিল সমাধি ঘটে । নিহত কিশোৰী গৰাকী হৈছে টিনা বেগম । ১২ বছৰীয়া কিশোৰীজনীয়ে দুই বান্ধবীৰ সৈতে গা ধুবলৈ ওচৰেৰে বৈ যোৱা নোনা নৈত গাধূৱ গৈছিল ।

সাতুৰিব নজনা টিনা বেগমে অতি দ স্থানত গা ধুবলৈ যোৱাৰ মুহূৰ্ততে তললৈ ডুবি যায় । লগে লগে এগৰাকী বান্ধবীয়ে তেওঁক বচাবলৈ চেষ্টা কৰে যদিও বিফল হয় । পিছত তেওঁলোকে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ উপস্থিত হয় আৰু পানীত বিচাৰ খোচাৰ কৰে যদিওঁ কিশোৰী গৰাকীক উদ্ধাৰ কৰাত ব্যৰ্থ হয় । ততাতৈয়াকৈ স্থানীয় লোকে ঘগ্ৰাপাৰ আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত ঘগ্ৰাপাৰ আৰক্ষী আৰু এচডিআৰএফ বাহিনী উপস্থিত হয় । বৰ্তমানে এচডিআৰএফৰ একাংশ জোৱানে কিশোৰী গৰাকীৰ সন্ধানত নৈ খনত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande