বাক্সাৰ শালবাৰীৰ নাৰায়ণগুৰী উপ-স্বাস্থ্য কেন্দ্র উদ্বোধন
বাক্সা,৩০ অক্টোবৰ (হি.স.)। বাক্সাৰ শালবাৰীৰ নাৰায়ণগুৰী উপ-স্বাস্থ্য কেন্দ্র উদ্বোধন । বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত নাৰায়ণগুৰীস্থিত নাৰায়ণগুৰী উপ-স্বাস্থ্য কেন্দ্ৰ আজি উদ্বোধন কৰা হয়। উপ স্বাস্থ্য কেন্দ্রটো ৰঙাফিটা কাটি আনুষ্ঠানিকভাৱে উ
বাক্সাৰ শালবাৰীৰ নাৰায়ণগুৰী উপ-স্বাস্থ্য কেন্দ্র উদ্বোধন


বাক্সা,৩০ অক্টোবৰ (হি.স.)। বাক্সাৰ শালবাৰীৰ নাৰায়ণগুৰী উপ-স্বাস্থ্য কেন্দ্র উদ্বোধন । বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত নাৰায়ণগুৰীস্থিত নাৰায়ণগুৰী উপ-স্বাস্থ্য কেন্দ্ৰ আজি উদ্বোধন কৰা হয়। উপ স্বাস্থ্য কেন্দ্রটো ৰঙাফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিচিৰ শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে ।

পাৰিষদ দিগন্ত গয়াৰীয়ে উপ স্বাস্থ্য কেন্দ্রটো উদ্বোধন কৰি কয় যে, অঞ্চলটোত এটা স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিবলৈ অঞ্চলটোৰ ৰাইজৰ দিৰ্ঘদিনিয়া দাবী আছিল, এই উপ স্বাস্থ্য কেন্দ্ৰটোৰ জৰিয়তে নাৰায়ণগুৰী অঞ্চলটোৰ লোক সকলৰ বাবে যথেষ্ট সুবিধা হ'ব। উল্লেখ্য যে উদ্বোধনী কাৰ্যসূচীৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নাহৰ গছৰ পুলি ৰোপন কৰা হয়। আজিৰ উদ্বোধনী কাৰ্যসূচীত কেইবা গৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande