ৰাজ্যৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ,বাতৰি পৰিবেশক চৈয়দ ছাদুল্লাৰ দেহাৱসান
গুৱাহাটী, ৩০ অক্টোবৰ(হি.স.)। ৰাজ্যৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ,কণ্ঠশিল্পী চৈয়দ ছাদুল্লাৰ দেহাৱসান ঘটে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল(জিএমচিএইছ)ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে চৈয়দ ছাদুল্লাই। আজি পুৱা ১০ বাজি ৩
ৰাজ্যৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ,বাতৰি পৰিবেশক চৈয়দ ছাদুল্লাৰ দেহাৱসান


গুৱাহাটী, ৩০ অক্টোবৰ(হি.স.)। ৰাজ্যৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ,কণ্ঠশিল্পী চৈয়দ ছাদুল্লাৰ দেহাৱসান ঘটে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল(জিএমচিএইছ)ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে চৈয়দ ছাদুল্লাই। আজি পুৱা ১০ বাজি ৩০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে।

ৰক্তচাপ জনিত সমস্যাত ভুগি চৈয়দ ছাদুল্লাৰ দেহাৱসান ঘটে বুলি জিএমচিএইচ কৰ্তৃপক্ষই সংবাদ মাধ্যমক অবগত কৰে। সোমবাৰে জিএমচিএইছত ভৰ্তি কৰোৱা হৈছিল শিল্পী গৰাকীক। ১৯৪৮ চনৰ ১ ফেব্ৰুবাৰীত ডিব্ৰুগড় জিলাত জন্মগ্ৰহণ কৰিছিল শিল্পী গৰাকী। মৃত্যুৰ সময়ত চৈয়দ ছাদুল্লাৰ বয়স আছিল ৭৭ বছৰ।

১৯৭৫ চনত আকাশবাণী ডিব্ৰুগড়ৰ ষ্টাফ আৰ্টিষ্ট হিচাপে যোগদান কৰিছিল চৈয়দ ছাদুল্লাই। আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশক আছিল চৈয়দ ছাদুল্লা। একেধাৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, কবি লেখকে ধৰি গীটাৰ বাদক হিচাপে খ্যাতি আছিল চৈয়দ ছাদুল্লাৰ। প্ৰায় ১৮০ৰো অধিক গীতৰ স্ৰষ্টা আছিল চৈয়দ ছাদুল্লা। চৈয়দ ছাদুল্লাৰ দেহাৱসানৰ পিছতে ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande