
কোকৰাঝাৰ, ৩০ অক্টোবৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ভাওঁৰাগুৰিৰ সাতবিলত যোৱা কালি বুধবাৰে বিয়লি সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই ঘটনাত গোসাঁইগাঁও কলেজত দুগৰাকী ছাত্ৰ আহত হয়। আহত ছাত্র দ্বয় তুলসীবিল জয়পুৰ নৱকান্ত বৰ্মন (২০) আৰু নয়ন বৰ্মন (১৮) বুলি পৰিচয় পোৱা গৈছে। দুয়োগৰাকী ছাত্র গোসাঁইগাঁও কলেজত স্নাতক বিজ্ঞান শাখাত পঢ়ি আছে।
প্ৰাপ্ত বাতৰি মতে তুলসীবিলৰ পৰা ছাত্ৰ দুজনে এএছ ১৬ এইচ ১৫৯৭ নম্বৰৰ মটৰ চাইকেলেৰে কলেজলৈ গৈ থাকোতে ভাওঁৰাগুৰিৰ সাতবিলত বিপৰীত দিশৰ পৰা আহি থকা এএছ ১৬ এন ১০২০ নম্বৰৰ চাৰিচকীয়া বাহনৰ লগত মুখামুখি সংঘৰ্ষ লগাত দুৰ্ঘটনা সংঘটিত হয়। ফলত মটৰ চাইকেনখন আৰু চাৰিচকীয়া বাহনৰ সন্মুখৰ অংশ ভাঙি যায় আৰু ছাত্র দুজন আহত হয়। লগে লগে ভাওঁৰাগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত আহতদ্বয়ক ততাতৈয়াকৈ ভাওঁৰাগুৰি প্ৰাথমিক চিকিংসালয়ত লৈ আহি চিকিৎসাৰ ব্যৱস্থা কৰে আৰু বাহন দুখন উদ্ধাৰ কৰি ভাওঁৰাগুৰি আৰক্ষী চকীত লৈ আহে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ