
বঙাইগাঁও, ৩০ অক্টোবৰ (হি.স.): বঙাইগাঁও জিলাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ ৰাজপথত দাউদাউকৈ জ্বলিল ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহন এখন। আজি পুৱতি নিশা সংঘটিত হয় এই ঘটনা।
বঙাইগাঁৱৰ কিষাণবজাৰৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা। ঘটনাটোত ১০৮ৰ চালক প্ৰবীৰ কুমাৰ ৰয় আহত হয়। জানিব পৰা অনুসৰি ১০৮ খনৰ পঞ্জীয়ন নম্বৰ এএছ ০১ এমচি ৯১৪৭ আছিল। আহত চালক প্ৰবীৰ কুমাৰ ৰয় সম্প্ৰতি চিকিৎসাধীন হৈ আছে। উক্ত দুৰ্ঘটনা যান্ত্ৰিক বিজুতিৰ বাবে হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য় যে গুৱাহাটীত ৰোগী থৈ কোকৰাঝাৰৰ কাৰিগাঁও অভিমুখে গৈ আছিল ১০৮ খন । পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ১০৮ খনৰ জুই নিৰ্বাপন কৰে । অগ্নিকাণ্ডত ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহনখনৰ ক্ষতিসাধন হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ