শিৱসাগৰ ধিতাইপুখুৰী বাকচুত শ্ৰী শ্ৰী কৃষ্ণ ৰাস লীলাত নন্দৰ ভাওত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই
শিৱসাগৰ ধিতাইপুখুৰী বাকচুত সদৌ অসম ভাওনা সমাোৰহ আৰু শ্ৰী শ্ৰী কৃষ্ণ ৰাস লীলাৰ আয়োজন,নন্দৰ ভাওত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই৷
শিৱসাগৰ ধিতাইপুখুৰী বাকচুত শ্ৰী শ্ৰী কৃষ্ণ ৰাস লীলাত নন্দৰ ভাওত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই


শিৱসাগৰ ৩০ অক্টোবৰ (হি.স.): শিৱসাগৰ জিলাৰ ধিতাইপুখুৰী বাকচুত সদৌ অসম ভাওনা সমাোৰহ আৰু শ্ৰী শ্ৰী কৃষ্ণ ৰাস লীলাৰ আয়োজন কৰা হৈছে। এই সমাৰোহত নন্দৰ ভাও দিব ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে৷

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অপূর্ব সৃষ্টি ভাওনা সংস্কৃতিৰ চৰ্চা আৰু নতুন প্ৰজন্মক আধ্যাত্মিক চিন্তাৰে ভাওনা সংস্কৃতিৰ লগত একান্ত কৰাৰ উদ্দেশ্যে জন্ম লাভ কৰা শিৱসাগৰ জিলাৰ অন্যতম ভাওনা দল ধিতাইপুখুৰী পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীয়ে পঁচিছ বছৰীয়া বৰ্ণিল যাত্ৰা অতিক্ৰম কৰাৰ উপলক্ষ্যত ৰূপালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি চতুৰ্থবাৰৰ বাবে সদৌ অসম ভাওনা সমাৰোহ আৰু শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে ৷

বৃহত্তৰ বাকচুবাসী ৰাইজৰ আতিথ্যত বেতবাৰী, শিলাকুটি, হাঁহচৰা আৰু বকতা মৌজাৰ ৰাইজৰ সহযোগত অহা ৮ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ বাকচুৰ সৰুবিল খেলপথাৰৰ বৃন্দাবন ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা সদৌ অসম ভাওনা সমাৰোহ ২০২৫ আৰু শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠানৰ প্ৰস্তুতি তুংগত৷ দ্বিতীয় বৈকুণ্ঠপুৰিলৈ হৈছে এতিয়া বাকচুৰ সৰুবিল খেলপথাৰৰ বৃন্দাবন ক্ষেত্ৰ৷ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠানত কালি সন্ধিয়া ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইক নন্দৰ ভাওত দেখিবলৈ পোৱা যাব৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande