
লক্ষিমপুৰ, ৩০ অক্টোবৰ (হি.স.): শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলালৈ মাজত মাত্ৰ কেইটিমান দিন । ইতিমধ্যে চৌদিশে আৰম্ভ হৈছে ৰাসৰ আখৰা । কৃষ্ণ বন্দনাৰে মুখৰ হৈ পৰিছে বিভিন্ন ৰাস মঞ্চ । ৰাজ্যৰ খনৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ লক্ষিমপুৰ নাৰায়ণপুৰৰ বিভিন্ন মঞ্চটো পুৰ্নোদ্দমে চলিছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ আখৰা ।
লক্ষিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাজৰচাপৰী দেউৰী গাঁৱৰ মাজৰ চাপৰি কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰিছে শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা । এই উপলক্ষত কণ কণ শিশু সকলৰ পৰা কিশোৰ কিশোৰী, যুৱক যুৱতী, পুৰুষ- মহিলা সকলোৱে এতিয়া ৰাসৰ আখৰা কৰাত ব্যস্ত হৈ পৰিছে। সমান্তৰালকৈ শিল্পী-কলাকুশলী সকলো ব্যস্ত হৈ পৰিছে ৰাসৰ প্ৰস্তুতিত । মুঠতে কৃষ্ণ বন্দনাৰে মুখৰ হৈ পৰিছে নাৰায়ণপুৰৰ ভূমিপুত্ৰ দেউৰী সমাজ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ