
Assam, 30
TAMULPUR Saotal Students Union Protest
তামুলপুৰ, অক্টোবৰ (হি.স.)। চাওঁতাল সকলক জনজাতিকৰণৰ লগতে ভূমিৰ পট্টা প্ৰদান, চাওঁতাল হিচাপে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান, আদিবাসী শান্তি চুক্তি ২০২২ত সম্পন্ন হোৱা দফাসমূহ কাৰ্য্যকৰী কৰা আৰু বিদ্যালয় সমূহত চাওঁতালী ভাষাৰ পাঠ্যপুথি প্ৰণয়ণ আৰু শিক্ষক নিযুক্তি দিয়াৰ দাবীত আজি বিশাল গণ প্ৰতিবাদী সমদল বাহিৰ কৰা হয়।
সদৌ চাওঁতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু তামুলপুৰ জিলা সমিতিৰ সহযোগত জিলা সদৰৰ স্বৰ্গীয় লেহোৰাম বড়ো খেলপথাৰৰ পৰা মটঙাপাৰ বাৰেইগাওঁৰ খেলপথাৰলৈ প্ৰায় দুই কিলোমিটাৰ প্ৰতিবাদী সমদল বাহিৰ কৰে।
প্ৰতিবাদকাৰী সকলে চাওঁতাল ছাত্ৰ সন্থা জিন্দাবাদ, আমাক জনজাতিকৰণ প্ৰদান কৰক, আমাৰ দাবী ন্যায্য দাবী, এই জুই জলিছে, অসম চৰকাৰ মিছলীয়া, অসম চৰকাৰ কাম নাই আদি শ্লোগান দি তামুলপুৰৰ আকাশ বতাহ কঁপাই তোলে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু