
ওদালগুৰি, ৩০ অক্টোবৰ (হি.স.): প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্য়ুৰ ন্যায়ৰ দাবীত যোৱা কালি বুধবাৰে সন্ধিয়া মম বাতি জ্বলাই সমদল কাৰ্যসূচী ৰূপায়ন কৰে ইউপিপিএল দলে। দলটোৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এই কাৰ্যসূচী ৰূপায়ণ কৰে।
ওদালগুৰি চহৰৰ মাজমজিয়াৰে বিশাল সমদল উলিয়াই ইউপিপিএল দলৰ ওদালগুৰি জিলা সমিতিয়ে। সমদল কাৰ্যসূচী শেষ কৰি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ওদালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, প্ৰাক্তন ইএম নিলোৎ স্বৰ্গীয়াৰী, মাধৱ ছেত্ৰী আদি লোকসকলে।
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি। লগতে জুবিনৰ স্মৃতি যুগমীয়া কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ