
কামৰূপ, ৩০ অক্টোবৰ (হি.স.)। ৰৈ ৰৈ বিনালে নামৰ জুবিন গাৰ্গৰ বহু প্ৰতিক্ষিত আৰু অন্তিম খন বোলছবিৰ মুক্তি লৈ মাজত মাথো কিছু ক্ষণ। অসমৰ প্ৰতিটো ছবি গৃহত জুবিন অনুৰাগীৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। অসমৰ ভিতৰতে সৰ্ববৃহৎ ছবি গৃহ ৰঙিয়াৰ ডিলাইট গোল্ড ছবি গৃহতৰৈ ৰৈ বিনালে ছৱিক আদৰিবলৈ সাজু হৈছে কতৃপক্ষ।
অনলাইন যোগে টিকট মুকলি হোৱাৰ পাছতে ৬নৱেম্বৰলৈ সকলো দৰ্শনীৰ টিকট ইতিমধ্যে বিক্ৰী হৈছে। অসমৰ ছবি জগতত এই অভূতপূৰ্ব সহাঁৰি দেখি সকলো স্তম্ভিত। প্ৰথম দৰ্শনীৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়াৰ ব্যৱস্থা কৰিছে হল ্কতৃপক্ষই। নিতৌ ৬ টাকৈ দৰ্শনী প্ৰদৰ্শন কৰা হ'ব ৰঙিয়াত। ৬০০ গৰাকী দৰ্শকে একেলগে ছৱি উপভোগ কৰিব পৰাকৈ ব্যৱস্থা আছে ৰঙিয়াৰ এই ডিলাইত গোল্ড চিনেমা হলত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা