৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱ অহা ৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ১৫ দিনীয়া ব্যাপক কাৰ্যসূচীৰে অনুষ্ঠিত হব।
বৰপেটা, ৩০ অক্টোবৰ (হি.স.)। শ্ৰীকৃষ্ণৰ লীলা সমুহৰ ভিতৰত ৰাস লীলা অন্যতম । সম্প্ৰতি ৰাজ্যৰ চৌদিশে চলিছে ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। বৰপেটা জিলাৰ হাউলী চহৰত এইবেলি ৯৮ সংখ্যক ৰাস মহোৎসৱ উদযাপন কৰা হব। অহা ৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ১৫ দিনীয়
৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱ অহা ৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ১৫ দিনীয়া ব্যাপক কাৰ্যসূচীৰে অনুষ্ঠিত হব।


বৰপেটা, ৩০ অক্টোবৰ (হি.স.)। শ্ৰীকৃষ্ণৰ লীলা সমুহৰ ভিতৰত ৰাস লীলা অন্যতম । সম্প্ৰতি ৰাজ্যৰ চৌদিশে চলিছে ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। বৰপেটা জিলাৰ হাউলী চহৰত এইবেলি ৯৮ সংখ্যক ৰাস মহোৎসৱ উদযাপন কৰা হব। অহা ৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ১৫ দিনীয়া ব্যাপক কাৰ্যসূচীৰে হাউলী ৰাস মহোৎসৱ অনুষ্ঠিত হব।

ইতিমধ্যে হাউলী ৰাস মহোৎসৱ উদযাপনৰ বাবে আয়োজক সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাই আছে । বিশেষকৈ ৰাস মহোৎসৱত এইবেলি ৫ শতাধিক মৃন্ময় মূৰ্তি প্ৰদৰ্শন কৰা হব। মৃন্ময় শিল্পী সকলে ইতিমধ্যে মৃন্ময় মূৰ্তি নিৰ্মাণৰ কামত দিনে নিশাই ব্যস্ত হৈ পৰিছে। মৃন্ময় মূৰ্তিৰ সমান্তৰালভাৱে হাউলী ৰাস মহোৎসৱত জীৱন্ত মূৰ্তি আৰু বৈদ্যুতিক মূৰ্তি স্থাপন কৰা হব।

দখলা ছয়গাওৰ পৰা অহা শিল্পীসকলে শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা সমুহৰ লগতে ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীক জীৱন্ত ৰূপে ৰাস মহোৎসৱত পৰিবেশন কৰিব। হাউলী ৰাসৰ এই বাৰৰ আন এক বিশেষ আকৰ্ষণীয় বিষয় হৈছে সুধাকন্ঠ ড০ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মৰ বিশেষ উপস্থাপন।

সুধাকন্ঠৰ শতবাৰ্ষিকী উপলক্ষে ড০ ভূপেন হাজৰিকাৰ শিল্প কৰ্মৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিব ৰাস মহোৎসৱ উদযাপন সমিতিয়ে। একেদৰে সদ্য প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাস মহোৎসৱ উদযাপন সমিতিয়ে বিশেষ প্ৰদৰ্শনীৰ ষ্টল স্থাপন কৰিছে ।

অসমৰ ঐতিহ্যমণ্ডিত হাউলী ৰাস মহোৎসৱ সমগ্ৰ নামনি অসমতে বিশেষ ভাবে জনপ্ৰিয়। ঐতিহ্যমণ্ডিত হাউলী ৰাস মহোৎসৱে শতবাৰ্ষিকী ভৰি দিবলৈ মাজত মাথো এটা বছৰ আছে। সেয়ে এতিয়াৰে পৰাই হাউলী ৰাসৰ শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাস উদযাপন সমিতিয়ে। তাৰবাবে শতাব্দী তোৰণ, শতাব্দী ভৱন আদি নিৰ্মাণকে ধৰি কেতবোৰ বৃহৎ পৰিকল্পনা হাতত লৈছে।

ইপিনে এইবেলি হাউলী ৰাস মহোৎসৱৰ প্ৰচাৰৰ ক্ষেত্ৰত বিশেষভাবে জৰিত হৈ পৰিছে জনপ্ৰিয় অভিনেত্রী বৰষাৰাণী বিষয়া। হাউলী ৰাসৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে বৰ্ষাৰাণী বিষয়াই আটাইকে হাউলী ৰাস মহোৎসৱত অংশ গ্ৰহন কৰিবলৈ আৰু ৰাস চাবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande