বোকাখাতত কৃষকক ৰাজ সাহায্য যুক্ত ট্ৰেক্টৰ বিতৰণ
গোলাঘাট, ৩০অক্টোবৰ (হি.স.)। বোকাখাতত কৃষকক ৰাজ সাহায্য যুক্ত ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচী সম্পন্ন হয় । কৃষি -যান্ত্ৰিকীকৰণ উপ-আঁচনি(SMAM) ৰ অধীনত ৰাজ সাহায্য যুক্ত ট্ৰেক্টৰৰ লগতে বিভিন্ন কৃষি সজুলি বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে জ্যেষ্ঠ কেবিনেট মন্ত্ৰ
বোকাখাতত কৃষকক ৰাজ সাহায্য যুক্ত ট্ৰেক্টৰ বিতৰণ


গোলাঘাট, ৩০অক্টোবৰ (হি.স.)। বোকাখাতত কৃষকক ৰাজ সাহায্য যুক্ত ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচী সম্পন্ন হয় । কৃষি -যান্ত্ৰিকীকৰণ উপ-আঁচনি(SMAM) ৰ অধীনত ৰাজ সাহায্য যুক্ত ট্ৰেক্টৰৰ লগতে বিভিন্ন কৃষি সজুলি বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই । বৃহস্পতিবাৰে বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হোৱা এখন সভাত বোকাখাত সমজিলাৰ অৰ্ধশতাধিক কৃষক আৰু আত্মসহায়ক গোটৰ মাজত ৫ খন ট্ৰেক্টৰ, ১৬ পাৱাৰ টিলাৰ, চ'লাৰ পাম্প আদি সামগ্ৰী বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে ।

এই বিতৰণ ২ টা আত্মসহায়ক গোটৰ মহিলাই ২ খন টেক্টৰ লাভ কৰে ৷ মিলিজুলি আত্মসহায়ক মহিলা গোটে চলিত বৰ্ষত ৬০ লাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য বান্ধি লৈছে ৷ মহিলা গোটটিয়ে নিজৰ উৎপাদিত সামগ্ৰীৰ এখন নিজাকৈ বিপনীও আৰম্ভ কৰিছে ৷ তেওঁলোকৰ দৰে বাকীসকল মহিলাকো কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ আহ্বান জনায় ৷ চৰকাৰী ৰাজসাহাৰ্যৰ সুবিধা লাভ কৰি চাকৰিৰ প্ৰতি ধাৱমান নহৈ কৃষিকৰ্মৰ জৰিয়তেও স্বাৱলম্বী হ'ব পাৰি বুলি দোহাৰিলে টেক্টৰ লাভ কৰা কৃষকে ৷ উক্ত বিতৰণ কাৰ্যসূচীত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত উপস্থিত থাকে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande