

গুৱাহাটী, ৩০ অক্টোবৰ (হি.স.)। জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ সহ উপস্থিত নিৰ্মাণ সমিতিৰ অন্যান্য বিষয় ববীয়া সকল। জুবিন ক্ষেত্ৰৰ প্ৰস্তাবিত ভূমিৰ পৰিসীমাৰ বুজ ল'বলৈ আজি পুৱাই উপস্থিত দলটো। সংবাদ মাধ্য়মৰ সৈতে হোৱা বাৰ্তালাপত গৰিমা শইকিয়া গাৰ্গে কয় যে, জুবিন ক্ষেত্ৰ এটি এক্সপেৰিয়েঞ্চ চেণ্টাৰ হওক,য'ত জুবিনৰ মিউজিয়াম থাকিব, জুবিনে ভালপোৱা প্ৰায় সকলো বস্তুৱেই থাকিব।
তেও কয়, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যাতে জুবিনক সকলোৱে মনত ৰাখিব পাৰে তেনেধৰণে হওক উক্ত স্থানৰ নিৰ্মাণকাৰ্য, আমি ইতিমধ্যে এই সন্দৰ্ভত এটি পৰিকল্পনা কৰিছো, য'ত জুবিনৰ প্ৰকৃত সত্ত্বাটো থাকিব, প্ৰাকৃতিকভাৱে থাকিব, জুবিন ক্ষেত্ৰৰ আশে-পাশে থকা ভূমি পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মিলিত হৈ এই মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ,
বৰ্তমানৰ প্ৰস্তাবিত ভূমিতকৈ আৰু অধিক আশে পাশে থকা ভূমি জুবিন ক্ষেত্ৰৰ নামত আৱণ্টনৰ পোষকতা গৰিমা শইকীয়া গাৰ্গৰ।
হিন্দুস্থান সমাচাৰ / Narayan Kar